Local, Vocal, Global

WATCH | Dilapidated bridge in Hajo : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

হাজো,৭এপ্ৰিল : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(Dilapidated bridge in Hajo)।

জৰাজীৰ্ণ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত গাঁওবাসীৰ । উন্নয়নে ঢুকি নোপোৱা এখন গাওঁ !

কামৰূপৰ কুলহাটী মিলনপুৰ গাঁৱৰ ৰাইজৰ দুৰ্দশা ।

এখন জৰাজীৰ্ণ বাঁহৰ দলঙক সাৰথি কৰি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে গাঁৱবাসীয়ে ।

কুলহাটী মিলনপুৰ আৰু বংশৰৰ গাওঁৰ মাজেৰে বৈ গৈছে ঐতিহাসিক কলাজ’ল নৈ ।

এই কলাজ’ল নৈৰ ওপৰত ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি প্ৰতিবছৰে দলং নিৰ্মাণ কৰি ল’বলগীয়া হয় ।

জৰাজীৰ্ণ বাঁহৰ দলঙখনেৰে যাতায়তৰ ক্ষেত্ৰত স্থানীয় লোক বহু সমস্যাৰ সন্মুখীন হৈছে ।

বিশেষকৈ ৰোগীক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷

এই বাঁহৰ দলঙখনেৰে পাৰ হ’ব নোৱাৰাৰ বাবে গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে এম্বুলেন্স ৷ ফলত ৰোগীক ঠেলাৰে কঢ়িয়াই আনিবলগীয়া হয় গাঁওবাসীয়ে ৷ তদুপৰি জৰাজীৰ্ণ বাঁহৰ দলঙখনত বহুবাৰ বহুজনৰ দুৰ্ঘটনাতো পতিত হৈছে।

উল্লেখ্য যে, পূৰ্বৰ হাজো সমষ্টি আৰু বৰ্তমানৰ হাজো – শুৱালকুছি সমষ্টিৰ অন্তৰ্গত কুলহাটী মিলপুৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন তথা অঞ্চলটোৰ ৰাইজে ব্যৱসায় বাণিজ্যৰ বাবে বংশৰ,শুৱালকুছি , গুৱাহাটী আদি অঞ্চললৈ এই দলঙেই যাতায়ত কৰাৰ একমাত্ৰ সম্বল ৰাইজৰ অভিযোগ- বিধায়ক তথা জনপ্ৰতিনিধি সকলে নিৰ্বাচন আহিলে ভোট খুজিবলৈ আহে। বাকী সময়চোৱাত গাঁওবাসীৰ অসুবিধা সমূহৰ কোনো গুৰুত্ব নিদিয়ে জনপ্ৰতিনিধি সকলে।

শেহতীয়াভাৱে,অঞ্চলটোত এখন পকী দলঙৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল যদিও সেইয়াও নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : WATCH | World Health Day : আজি বিশ্ব স্বাস্থ্য দিৱস