Local, Vocal, Global

Dilapidated bridge in Goalpara : এখন জৰাজীৰ্ণ দলঙে জ্বলা কলা খুৱাইছে কলাবাৰীৰ ৰাইজ

গোৱালপাৰা,৬আগষ্ট : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।

বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?

যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(Dilapidated bridge in Goalpara)।

স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ।জৰাজীৰ্ণ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত গাঁওবাসীৰ । স্বাধীনতাৰ ৭৬ বছৰ পাৰ হৈ যোৱাৰ পিছটো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত কলাবাৰীৰ ৰাইজে ভগ্নপ্ৰায় দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে।

কলাবাৰীৰ পৰা হাসডোবা সংযোগী পথৰ মাজত থকা এখন জৰাজীৰ্ণ দলঙে জ্বলা কলা খুৱাইছে ৰাইজক ।জৰাজীৰ্ণ দলং খনেৰে দৈনিক যাতায়ত কৰে শ শ স্থানীয় ৰাইজ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি পথচাৰীয়ে । যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে।

আজিলৈকে তিল মাত্ৰ গুৰুত্ব নাই বিভাগৰ লগতে স্থানীয় বিধায়কৰ। স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে দলংখনৰ মেৰামতি কৰি দি যাতায়তৰ সুব্যৱস্থা কৰি দিব লাগে।

লগতে পঢ়ক :Sensational incident : বঙাইগাঁও জিলাৰ সিদলসতীত সলিল সমাধি এগৰাকী ব্যক্তিৰ