Dilapidated bridge in Dhekiajuli : সমষ্টিবাসীৰ আহ্বান শুনিবনে মন্ত্ৰী অশোক সিং ঘালে !
ঢেকিয়াজুলি,১২মে’ : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে ঢেকিয়াজুলি সমষ্টিৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবি ৷
ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰবিল গাঁৱৰ এখন ভঙা কাঠৰ দলঙে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজক ৷ এখন ভঙা দলঙৰ বাবে জীয়াতু ভুগিছে ঢেকিয়াজুলি ৰাইজ ।
উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?
যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চলৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে ?
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও । জৰাজীৰ্ণ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত গাঁওবাসীৰ।
এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক । নতুনকৈ ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰবিল গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা কেইবাখনো গাঁওৰ ৰাইজৰ ৷ মাইনশ্ৰীৰি, বৰবিল হৈ ৰঙাপৰা সংযোগী পথৰ ওপৰত থকা এখন ভঙা কাঠৰ দলঙে কেইবাখনো গাঁৱৰ লগতে বিদ্যালয়,মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী প্ৰতিদিনে মৰণক শৰণ দি পাৰ হ’বলগীয়া হৈছে ৷ জহি খহি যোৱা কাঠৰ দলঙখন আজিলৈকে নহ’ল নিৰ্মাণ(Dilapidated bridge in Dhekiajuli ) ৷
জানিব পৰা মতে, অঞ্চলটো চতিয়া সমষ্টিত থকাৰ সময়ত তিনি বছৰ পূৰ্বে বৰবিলবাসী ৰাইজে এখন কাঠৰ দলং লাভ কৰিছিল যদিও বৰ্তমান দলঙখনৰ অৱস্থা জৰাজীৰ্ণ ৷ দলঙখনৰ কাঠসমূহ জহি খহি যোৱাৰ বাবে অঞ্চলটোলৈ নাহে জৰুৰীকালীন এম্বুলেন্স সেৱাৰ গাড়ী ৷
নতুনকৈ ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ৰাইজে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘলক অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি উক্ত নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ দাবী জনাই ।