WATCH | Dilapidated bridge in Chapar: এখন বাঁহৰ দলঙে এতিয়া জ্বলা কলা খুৱাইছে চাপৰৰ ডাউৱাগুৰী গাঁৱৰ ৰাইজক
চাপৰ,২১এপ্ৰিল : এখন বাঁহৰ দলঙে এতিয়া জ্বলা কলা খুৱাইছে চাপৰৰ ডাউৱাগুৰী গাঁৱৰ ৰাইজক।
বাঁহৰ দলঙৰ ওপৰেৰে দৈনিক অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীৰ লগতে শ শ ৰাইজে(Dilapidated bridge in Chapar)।
কেতিয়াবা যদি কোনোবাই দলঙৰ ওপৰত বাইকেৰে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।
বিগত সময় চোৱাত পকী দলঙৰ বাবে ৰাইজে দাবী কৰি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
ফলত ৰাইজৰ দাবী অতি সোনকালে বাঁহৰ দলঙৰ ঠাইত পকী দলঙ নিৰ্মাণ কৰি দিব লাগে।
সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসক বিৰোধী।
বিভিন্ন সমস্যাৰে জৰ্জৰিত ডাউৱাগুৰী গাঁৱত যোৱা পঞ্চায়তৰ কাৰ্যাকালত পঞ্চায়ত সদস্যা গৰাকীয়ে যথেষ্ট কাম কৰিছে যদিও এতিয়াও বহু সমস্যা আছে বুলি জানিবলৈ দিয়ে ৰাইজে।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিজন প্ৰাৰ্থীয়ে পঞ্চায়ত সদস্য পদত উত্তীৰ্ণ হ’ব সেইগৰাকী প্ৰাৰ্থীক বাকী থকা সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে।
লগতে পঢ়ক : WATCH : Kaliabor News : কলিয়াবৰৰ বামুনি বিৰাট মেলা