WATCH | Dilapidated bridge in Boko : এখন বাঁহৰ দলঙে এতিয়া জ্বলা কলা খুৱাইছে বকোৰ ৰাইজক

বকো,৬জুন : বিকশিত অসমৰ নগ্ন ছবি। দেখিলে হয়টো আপোনাৰো চকু কপালত উঠিব।
ৰাজ্যৰ চৌদিশে শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে বকোত পোহৰলৈ আহিছে উন্নয়নৰ এক বিপৰীত ছবি।
প্ৰথমে চাই লওক এই দৃশ্য।
আপোনালোকে দেখা এই দৃশ্য হৈছে কামৰূপ জিলাৰ বকোৰ শিচাপীঠ গাঁৱৰ।
দলঙৰ অভাৱত কলৰ ভূৰ সাজি ইপাৰ সিপাৰ হৈ যাব লগীয়া হৈছে নিজ নিজ গন্তব্যস্থললৈ(Dilapidated bridge in Boko)।
কিছুদিন পূৰ্বে হৈ যোৱা বৰষুণৰ প্ৰবল সোঁতে ভাঙি লৈ যায় দলংখন। যাৰ ফলত ভীষণ সমস্যাত পৰে গাঁৱবাসীয়ে। সেয়ে উপায়হীন হৈ এতিয়া গাঁওৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এইদৰে কাঠৰ দলং নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে এইসকল লোক।
ইফালে,মৰণত শৰণ দি বিদ্যালয়লৈ অহা যোৱা কৰা কণ কণ ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ লগতে একাংশ লোকে বিপদ সংকুলভাৱে পাৰ কৰে এই দলংখনেৰে। যাৰ ফলত যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ানক বিপদ।
ইফালে, স্থানীয় জন প্ৰতিনিধিৰো নাই কোনো খবৰ। আজিলৈ খবৰ নল’লে কোনো এজন জনপ্ৰতিনিধিয়েও। কিন্তু নিৰ্বাচনৰ সময়ত হেনো ইজনৰ পিছত সিজন বিভিন্ন দলৰ নেতা, পালি নেতাই আহি ভিৰ কৰে। কিন্তু বিপদৰ সময়ত কোনো এজন জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাত এইদৰে ক্ষোভ উজাৰিলে ৰাইজ।
লগতে পঢ়ক : WATCH | Sensational incident : স্বামীক চোকা অস্ত্ৰৰে আক্ৰমণ পত্নীৰ