Dilapidated bridge in Abhayapuri : এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰৰ উন্নয়নৰ নমুনা
অভয়াপুৰী,২৮মাৰ্চ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।
বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?
যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?
এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(Dilapidated bridge in Abhayapuri)।
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ।জৰাজীৰ্ণ দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল যাতায়ত গাঁওবাসীৰ
স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ যোৱাৰ পিছটো বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এখন গাওঁৰ ৰাইজে ভগ্নপ্ৰায় দলঙেৰে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে।
অভয়াপুৰীৰ বড়িগাও পঞ্চায়তৰ অন্তৰ্গত বামুনগাও ২ নং ৰাভাপাৰা আৰু পাৰ্বতীপুৰ সংযোগী জৰাজীৰ্ণ দলঙেৰে বহুবছৰ ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভূগিবলগীয়া হৈছে গঞা ৰাইজে। অষ্টম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ চৌহদতে লাগি থকা উক্ত গাৱখনৰ জৰাজীৰ্ণ দলঙেৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীকে ধৰি দৈনিক প্ৰায় ৪০০/৫০০ লোকে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।
প্ৰতি বছৰ বাৰিষাত কুজিয়া সুতিৰ ওপৰত থকা ভগ্নপ্ৰায় দলং খন গাঠিৰ ধনেৰে মেৰামতি কৰিব লাগে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। ৰাইজে স্থানীয় সাংসদৰ লগতে বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰাম্বাৰ আবেদন জনাই অহাৰ স্বত্বেও আজিলৈকে যাতায়াতৰ ক্ষেত্ৰত কোনো সুচল ব্যৱস্থা গঢ়ি নুঠাত ক্ষোভিত হৈ পৰিছে গঞা ৰাইজ।
অতি শীঘ্ৰে চৰকাৰে যাতায়াতৰ ক্ষেত্ৰত কোনো সুচল ব্যৱস্থা গঢ়ি নিদিলে দেশৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব বুলি হুংকাৰ প্ৰদান কৰে গঞা ৰাইজে।
বছৰ বছৰ ধৰি যাতাযতৰ ক্ষেত্ৰৰ যামৰ যাতনা ভুগি আহিছে অঞ্চলটোৱে । কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ ।