Dilapidated bridge : ২০ লাখ টকাৰ এখন দলং; মাত্ৰ ৩ বছৰতে খহি পৰিল দলঙখন

চতিয়া, ২১ছেপ্টেম্বৰ : ২০ লাখ টকাৰ এখন দলঙে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে ৷ যিখন দলঙেৰে যাতায়ত কৰিবলৈ আপোনাৰো লাগিব মৰসাহ ৷ মৰনক শৰন দি নিতৌ এই দলঙখনৰে অহাযোৱা কৰে এটা অঞ্চলৰ ৰাইজ ৷ এখন ২০ লাখ টকাৰ দলং। মাত্ৰ ৩ বছৰতে খহি পৰিল দলঙখন । ৰিপুন বৰাৰ সাংসদ পূজিঁৰে হৈছিল নিৰ্মাণ।নিৰ্মাণৰ দায়িত্বত আছিল দীলিপ বৰুৱা(Dilapidated bridge) ।
উল্লেখ্য যে, নিৰ্মাণৰ তিনি বছৰ সম্পূৰ্ণ নহৌতেই খহি পৰিল এখন দলং ৷ এখন জৰাজীৰ্ণ দলঙেৰে যাতায়ত কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । মৰণৰ শৰণ দি শিক্ষা গ্ৰহণ কৰিবলৈ যাবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে । চতিয়াৰ পলশনি আৰু পশ্চিম কুৰুৱাটিং সংযোগী দলংখনৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰনা ভূগিছে ৰাইজ। এখন দলংখনৰে দৈনিক বিপদ সংকুলনভাৱে পাৰাপাৰ হয় ছাত্ৰ-ছাত্ৰীসকলে(Dilapidated Bridge creates Danger) ।
এখন দলং ! দলং খনৰ আছে এক শিহৰণকাৰী অতীত ৷ পশ্চিম কুৰুৱাটিং ছাত্ৰছাত্ৰী সকল টৌ গামলাত উঠি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ অহাযোৱা কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ জোকাৰণিৰ ৷ তেতিয়াই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ইয়াত নিৰ্মান কৰিছিল এখন কাঠৰ দলং ৷ কিন্তু কংগ্ৰেছৰ ভোট বেংক খ্যাত এই এলেকাৰ জনতাক প্ৰলোভিত কৰাৰ স্বাৰ্থত বিজেপিৰে প্ৰতিযোগিতাত নামি বিজেপিয়ে নিৰ্মাণ কৰা দলং খনৰ কাষতে কংগ্ৰেছৰ তেতিয়াৰ ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই নিজৰ সাংসদ পূজিৰ বিশ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিছিল আন এখন কাঠৰ দলং ৷
এই দলং খনৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল বিশ্বনাথৰ কংগ্ৰেছী নেতা দীলিপ বৰুৱাক ৷ কিন্ত আৱন্তিত ধনৰ সিংহ ভাগেই আত্মসাৎ কৰি অতি নিম্ন মানৰ কাঠেৰে এই দলং খন নিৰ্মাণ কৰিলে দীলিপ বৰুৱা ৷ যাৰ ফলত নিৰ্মাণৰ তিনি বছৰ সম্পূৰ্ণ ন হৌওতেই খহি পৰিল এই বিশ লাখ টকীয়া দলং খন ৷
উল্লেখ্য যে বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে নিৰ্মান কৰি দিয়া দলং খনো কিছুদিন পূৰ্বে পানীয়ে উটুৱাই নিয়ে ৷ যাৰ ফলত স্থানীয় ছাত্ৰ ছাত্ৰী অথবা জনসাধাৰণ পুনৰ যে আকৌ টৌ গামলাতে যাতায়ত কৰিব লাগিব সেয়া নিশ্চিত হৈ পৰিল ৷ অঞ্চলটোৰ জনতা নিৰক্ষৰ হোৱাৰ বাবেই চৰকাৰ অথবা বিৰোধী সকলোৱে ইয়াৰ জনতাক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়ক :FIR against Himanta Biswa Sarma : মুখ্যমন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ