Local, Vocal, Global

Digboi News : আৰক্ষীৰ দলক প্ৰহাৰ সুৰা ব্যৱসায়ীৰ;মহিলা আৰক্ষী বিষয়াকো প্ৰহাৰ কৰাৰ অভিযোগ

ডিগবৈ,৩০অক্টোবৰ : ডিগবৈত আৰক্ষীৰ অবৈধ সুৰা বিৰোধী অভিযানত অঘটন।

ডিগবৈ চাৰিআলি বজাৰত মঙলবাৰে নিশা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই। অবৈধ সুৰা বিৰোধী অভিযানত অবৈধ সুৰা ব্যৱসায়ীয়ে প্ৰহাৰ কৰে আৰক্ষীৰ দলক ৷

অভিযোগ অনুসৰি আৰক্ষীৰ অভিযান কালত মহিলা আৰক্ষী বিষয়াকো আক্ৰমণ কৰে সুৰা ব্যৱসায়ীয়ে(Digboi News)।

জানিব পৰা মতে, এই অভিযানত আৰক্ষীয়ে আটক কৰে দুই অবৈধ সুৰা ব্যৱসায়ী ।আটকাধীন দুই সুৰা ব্যৱসায়ী দুজন কেদাৰ গুপ্তা (৭০) আৰু আকাশ গুপ্তা (৩৪) বুলি জানিব পৰা গৈছে ।দুয়ো পিতা-পুত্ৰ ।

লগতে আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ী দুজনৰ পৰা বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰে ৷

লগতে পঢ়ক :Swapnanil Das sent to 3-day CBI custody : ৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক