Watch | Differently-able teenager goes missing in Assam: মূখবধিৰ কিশোৰ সন্ধান হীন
গুৱাহাটী: টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলি পুখুৰী পৰা ১৪ বছৰীয়া এটি কিশোৰ ২৪ জানুৱাৰী পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে বাদুলি পুখুৰী নাচিৰ আলি পুত্ৰ নজৰুল আলি(১৪) মূখবধিৰ কিশোৰ জন সন্ধান হীন হোৱাত পৰিয়ালে লোকে বিচাৰ কৰা লগতে টীয়ক আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান লৈকে আৰক্ষী য়ে কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। সন্ধানহীন কিশোৰ জনৰ পৰিয়ালতো দূখত ভাগি পৰা লগতে চিন্তিত হৈ পৰিছে।
সেয়েহে পৰিয়ালটোৱে কিশোৰ জনক সন্ধান পালে ৭০০২৮২৯২৮৩ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে আৰক্ষীয়ে বিভিন্ন স্থানত মুখবধিৰ কিশোৰ জনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।