Local, Vocal, Global

Guava Leaves Benefits : মধুৰীআমৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

মধুৰীআমৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ? ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ বাবে যথেষ্ট উপকাৰী মধুৰীআমৰ পাত। মধুৰীআমৰ পাত চাহৰ সৈতে মিহলাই সেৱন কৰিলে বহু ৰোগৰ পৰা উপশম পোৱা যায়(Did you know about the benefits of guava leaves?) ৷

মধুৰী আমৰ পাতত চজিনা পাতৰ দৰেই বিভিন্ন গুণাগুণেৰে ভৰপূৰ(Guava Leaves Benefits) ।

বিশেষজ্ঞৰ মতে ডায়েবেটিছ ৰোগীয়ে মধুৰীআমৰ পাত চাহৰ সৈতে খালে ডায়েবেটিছ ৰোগ হ্ৰাস পায় । অৱশ্যে এদিন দুদিন নহয়, একেৰাহে তিনি মাহ খালে ই অতি লাভদায়ক হ’ব ৷মধুৰীআমৰ কোমল পাতৰ ৰস খালেও ডায়েবেটিছ ৰোগ উপশম হয় ।

সাধাৰণতে মানসিক চাপৰ পৰা হৃদৰোগ হয় বুলি ভবা হয় ৷ সেয়ে হাৰ্ট ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰীআমৰ পাতৰ ৰস নিয়মিত খাওঁক ।

আনহাতে কেন্সাৰ ৰোগীক এই পাতৰ ৰস খুৱালে কেন্সাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয় বুলি কোৱা হয় ৷ বিশেষকৈ ই ব্ৰেষ্ট কেন্সাৰৰ বাবে উপকাৰী ।

পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰীআমৰ পাতৰ ৰস মহৌষধ স্বৰূপ ।

তেজ গ্ৰহণী হ’লে মধুৰীআমৰ পাতৰ ৰস বা কোমল পাত খালী পেটত খালে বহুত উপকাৰ পোৱা যায় । এন্টিবেক্টেৰিয়েল মধুৰীৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে ।

খাদ্য বিষক্রিয়া হ’লে মধুৰীআমৰ পাতৰ ৰস খুৱাব লাগে । ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব পাৰি । পেটৰ সৈতে জড়িত ৰোগত মধুৰীআমৰ তিনি বা চাৰিটা পাত পিহি পানীৰ সৈতে মিহলাই খালে ইয়াৰ পৰা সহজে উপশম পাব পাৰি ।

এলাৰ্জী আদিতো এই মধুৰীআমৰ পাতৰ ৰস যথেষ্ট উপকাৰী । মধুৰীআমৰ পাতৰ চাহ নিয়মিয়াকৈ খালে স্মৃতি শক্তি বদ্ধি হোৱাৰ লগতে, মগজু শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেংগুৰ জ্বৰ ভাল হয়, গাঁঠিৰ বিষ নিৰাময় হয়, কলেষ্টৰেল কম কৰে আৰু আপুনি নিৰোগী হৈ থাকিব পাৰে ।

লগতে পঢ়ক : Diabetes Care: যদি আপুনি মধুমেহ ৰোগত আক্ৰান্ত তেন্তে আপোনাৰ খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰক এইসমূহ শাক-পাচলি