Local, Vocal, Global

WATCH | Dibrughar News : ডিব্ৰুগড়ত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়,৩০জুন : সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা আৰু জনজাতি সোনোৱাল কছাৰী সকলক ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন প্রদানৰ দাবীত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাই ৰাইজৰ সহযোগত আজি ডিব্ৰুগড় জিলা আযুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্রতিবাদী কার্যসূচী ৰূপায়ন কৰে।

মিলন নগৰ দুৰদৰ্শন কেন্দ্ৰ সন্মূখৰ পৰা বাহিৰ কৰা পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰা উক্ত উত্তাল প্ৰতিবাদী কাৰ্যসূচী নেতৃত্বত প্ৰদান কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে(Dibrughar News)।

প্ৰতিবাদী সকলে “হিমন্ত বিশ্ব শৰ্মা গ’বেক”,”ৰণোজ পেগু গ’বেক”, বিজেপিৰ মু্ৰ্দাবাদ,অসম চৰকাৰৰ হুচিয়াৰ আদি চৰকাৰৰ বিৰোধী প্ৰতিবাদী শ্ল’গান দি ডিব্ৰুগড় আকাশ-বতাহ কপাই তোলে।

চৰকাৰে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰা আৰু জনজাতি সোনোৱাল কছাৰী সকলক ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন প্রদান নকৰা ফলত সোণোৱাল কছাৰী সকল চৰকাৰৰ পৰা পাবলগীয়া সা-সুবিধা সমূহৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ মোৱাটাৰী খৰিদাগোসাই গাঁৱত ড্ৰাগছ বিৰোধী সজাগতা সভা