WATCH | Dibrughar News : ডিব্ৰুগড় জিলা অগপৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী

ডিব্ৰুগড়,২৮এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনক লৈ অতি আত্মবিশ্বাসী অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এনেদৰে সমালোচনা কৰিলে কংগ্ৰেছক। ডিব্ৰুগড় জিলা অগপৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই লগতে ক’লে, কংগ্ৰেছ এইবাৰ ফিল্ডত আছে বুলি ক’ব পৰা নাযায়। কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ ঘটিছে। কংগ্ৰেছে নিৰ্বাচনৰ সময়ত ডাঙৰ কথাই কয়। এই সময়ত কংগ্ৰেছৰ উষ্ণতা ৪০ ডিগ্ৰীলৈ বৃদ্ধি পায়। ফলাফল ঘোষণাৰ পাছত ‘-0’ ডিগ্ৰীলৈ অৱনমিত হয়। এইবাৰো সেয়াই হ’বলৈ গৈ আছে। বিৰোধী দল বুলি থকা ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ ফলাফল ‘0’ ডিগ্ৰীৰ পৰা ‘-0’ ডিগ্ৰীলৈ অৱনমিত হ’ব। তেওঁলোকৰ ফলাফল হ’ব শূণ্যৰ পৰা মহাশূন্যলৈ(Dibrughar News)।
উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ প্ৰাক্তন জিলা সভাপতি পৰাগ বৰুৱাৰ নেতৃত্বত আজি প্ৰায় ডেৰ শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰে অসম গণ পৰিষদত। ১৯৯১ চনতে অগপত যোগদান কৰা পৰাগ বৰুৱাই ২০১৪ চনত পদত্যাগ কৰিছিল।
পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদত যোগদান কৰি লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ পাছত দল ত্যাগ কৰে। আজি অগপত যোগদান কৰিবলৈ অহা পৰাগ বৰুৱাৰ দলটোক ঢোলে-দগৰে আদৰি অনা হয়। অগপৰ বিধায়ক পোনাকন বৰুৱাই আদৰি আনিলে অগপলৈ প্ৰত্যাৱৰ্তন হোৱা পৰাগ বৰুৱাৰ দলটোক।
অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, বিধায়ক পোনাকন বৰুৱাৰ উপস্থিতিত ডেৰ শতাধিক অজাপৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে অসম গণ পৰিষদত। ইফালে অগপত যোগদান কৰিয়েই জ্যোতিষীৰ ৰূপত ভৱিষ্যদ্বাণী কৰিলে পৰাগ বৰুৱাই। মই আজি ৰাজনৈতিক জ্যোতিষী হিচাপে কৈছোঁ
আগন্তুক ৫০ বছৰলৈ মিত্ৰজোটৰ চৰকাৰে থাকিব হয় অগপই আন কোনো দলক লৈ চৰকাৰ কৰিব, নহয় অগপক লৈ আন কোনো দলে চৰকাৰ কৰিব লাগিব। অসমক আগবঢ়াই নিয়াৰ স্বাৰ্থত অগপক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে পৰাগ বৰুৱাই।
ইফালে একেটা প্ৰসংগত কংগ্ৰেছৰ সৈতে কাম কৰাত ব্যক্তিগত অসুবিধাৰ কথা দোহাৰিলে পৰাগ বৰুৱাই।
লগতে পঢ়ক :WATCH | Mushalpur News : মুছলপুৰত মুছলপুৰ জিলা যুৱ ইউপিপিএলৰ এখন কাৰ্যনিবাহক সভা