Local, Vocal, Global

WATCH | Dibrughar News : আজি মুকলি হ’বলগীয়া ডিব্ৰুগড় মানকটা পথৰ উৰণীয়া সেঁতুৰ বৈদ্যুতিক খুটাত হঠাৎ লাগিল জুই

ডিব্ৰুগড়,২৭এপ্ৰিল : মুখ‍্যমন্ত্ৰীয়ে আজি মুকলি কৰিবলগীয়া ডিব্ৰুগড় মানকটা পথৰ উৰণীয়া সেঁতুৰ বৈদ্যুতিক খুটাত হঠাৎ লাগিল জুই।

ডিব্ৰুগড়ত মুকলিৰ পূৰ্বে থানা চাৰিআলিৰ ৰে’লৱে উৰণীয়া সেঁতু অঘটন। যান্ত্ৰিক বিজুতি ঘটি বৈদ্যুতিক খুঁটাত লাগিল জুই। আকস্মিক অগ্নিকাণ্ডক কেন্দ্ৰ কৰি কিছু মুহুৰ্তৰ বাবে লাগিল হাহাকাৰ(Dibrughar News)।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব থানা চাৰিআলি আৰু কনভয় ৰোডৰ উৰণীয়া সেঁতু। মাত্ৰ কেইটামান ঘন্টাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেঁতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

তাৰ বাবে সজাই পৰাই তোলা হৈছে উৰণীয়া সেঁতুখন। অৱশ্যে সেঁতু খনত কৰ্মৰত কৰ্মী সকলৰ তৎপৰতাৰ বাবে নিৰ্বাপিত হয় জুই।

লগতে পঢ়ক : WATCH | Kalibor News : কলিয়াবৰৰ ৰাঙলু ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা