Local, Vocal, Global

Dibrugarh youth willingly joins Ulfa : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ

নিউজ ডেস্ক, ৩০অক্টোবৰ : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ ।এক সামজিক মাধ্যমত ভিডিঅ’যোগে এই কথা জনালে যুৱকজনে ।

এইবাৰ ডিব্ৰুগড় জিলাৰ মৰাণৰ পলাশ কোঁৱৰ (২৪) নামৰ যুৱকজনে আলফা (স্বাঃ)ত যোগদান কৰা বুলি জানিব পৰা গৈছে(Dibrugarh youth willingly joins Ulfa) ।

জানিব পৰা মতে পলাশ কোঁৱৰ বিবাহিত আৰু দুই কন্যা সন্তানৰ পিতৃ । চানাৰ দোকান দি পৰিয়াল পোহপাল দি যুৱকজনে শেহতীয়াকৈ শদিয়াত কাম কৰি আছিল। পূজাত ঘৰলৈ আহিছিল যুৱকজনে আৰু যোৱা ২৪ অক্টোবৰত ঘৰৰ পৰা পূজা চাবলৈ বুলি ওলাই গৈছিল। ইয়াৰ পিছতে ২৭ অক্টোবৰত এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰে।যুৱকজনে নিজৰ ফেচবুক একাউণ্টৰ পৰা স্বাধীন অসমৰ এটা দীঘলীয়া পোষ্ট দিছে।

এই পোষ্টৰ পিছৰে পৰা পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুত্রক ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ(Dibrugarh a youth from Moran willingly joins Ulfa)।

ইফালে পত্নীসহ দুগৰাকী কন্যা সন্তান থকা যুৱকজনৰ পিতৃ গুণ কোঁৱৰ, মাতৃ অৰুণা কোঁৱৰ আৰু পত্নীয়ে যুৱকজনক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাই।

পিতৃয়ে কান্দোনত ভাগি পৰে আৰু সংবাদ মাধ্যমৰ আগত পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনাই কয় যে আমাৰ একমাত্ৰ ল’ৰাটোক ঘৰলৈ উভতাই দিয়ক ৷

উল্লেখ্য যে কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিলৱ আলফা(স্বাঃ)ৰ শিবিৰত মৃত্যুদণ্ড দিয়াৰ কথা ৷ পাঠশালাৰ যুৱক বিভাকৰ কলিতাক আলফা(স্বা)য়ে ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড দিয়া বুলি পৰিয়ালৰলোকে জনাইছিল।

আলফা (স্বাঃ)ৰ শিবিৰত যুৱক-যুৱতীক মৃত্যুদণ্ড দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাচতে আজি পুনৰ পোহৰলৈ আহিছে যুৱকৰ আলফা(স্বা)ত যোগদানৰ ঘটনা ।

লগতে পঢ়ক :Pays Tribute to October 2008 Serial Blast Victims : আজি অভিশপ্ত ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ বাবে এটা ক’লা দিন