Local, Vocal, Global

Encounter at Khowang : খোৱাঙত আৰক্ষীৰ গুলীচালনা ; আৰক্ষীৰ গুলীত আহত আলফাৰ লিংকমেন

ডিব্ৰুগড়, ২৩জুলাই : শনিবাৰে নিশা খোৱাঙৰ তিনঠেঙীয়াত আৰক্ষীয়ে লিংকমেনজনক এনকাউণ্টাৰ কৰে(Encounter at Khowang) ৷ ইতিমধ্যে আহত লিংকমেন অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে ৷ অৱশ্যে ঘটনাক সন্দৰ্ভত আৰক্ষীয়ে এতিয়া লৈ সংবাদ মাধ্যমৰ আগত তথ্য প্ৰকাশ কৰাৰ নাই(dibrugarh ulfai linkman injured in police firing in dibrugarh) ।

উল্লেখ্য যে, আলফা স্বাধীনৰ বিৰুদ্ধে উজনিত ব্যাপক ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছিল(Encounter at Khowang) ৷ ইয়াৰ পাচতেই ২২ জুলাই শনিবাৰে এই সন্দৰ্ভত স্পষ্টিকৰণ দিছিল আলফাই (স্বাধীন) ৷ আলফা (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত এখন প্ৰেছ বিবৃতিত সংগঠনটোৱে স্পষ্ট কৰি উল্লেখ কৰিছিল যে, বিগত কিছুদিন ধৰি কাকপথাৰৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়ী, ঠিকাদাৰক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত এক দুষ্টচক্ৰই বিপুল পৰিমাণৰ ধনদাবী কৰি শেহতীয়াকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ সংগঠনৰ এগৰাকী সদস্যৰ নাম সাঙুৰি যি স্বীকাৰোক্তি প্ৰদান কৰিছে সেয়া সম্পূর্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত ৷

গ্ৰেপ্তাৰ হোৱা আত্মসমৰ্পণকাৰী সদস্যজনৰ সৈতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ কোনো যোগসূত্ৰ নাই বুলি উল্লেখ কৰি বিবৃতিটোত অসমবাসী ৰাইজক এনে বা-বাতৰিত পতিয়ন নগৈ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক চিনাক্ত কৰি ৰাইজৰ আদালতত ৰাইজৰ দ্বাৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছিল সংগঠনটোৱে ৷ সংগঠনটোৱে এই বিবৃতি দিয়াৰ দিনাই ২২ জুলাইৰ নিশাৰ ভাগত ডিব্ৰুগড়ৰ খোৱাঙত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা ৷ ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত(dibrugarh ulfai linkman injured in police firing in dibrugarh)।

লগতে পঢ়ক : Harassment of students : উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তাৰ বিৰুদ্ধে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ