Local, Vocal, Global

WATCH | Dibrugarh News : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ

ডিব্ৰুগড়,১২ মাৰ্চ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ৷ সমাৰোহত ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচার্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই পৌৰাহিত্য কৰে(Dibrugarh News)।

সমাৰোহৰ সন্মানীয় অতিথি হিচাপে উপস্থিত আছে প্রাক্তন মার্কিন ৰাষ্ট্ৰপতি জো বাইদেনৰ কাৰ্যকালত জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভকৰা প্ৰথমজন অসমীয়া, ডাটা আধুনিকীকৰণ আৰু AI ৰ বিশেষজ্ঞ, চলচিত্র-নির্মাতা তথা সম্প্রতি কেলিফর্ণিয়াস্থিত California Health Agency Chief Technology and Innovation Officer হিচাপে কৰ্মৰত ড° ৰূপম শৰ্মা। ভাষাবিদ- পণ্ডিত নাহেন্দ্ৰ পাড়ুনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ত্ৰয়োবিংশতিতম দীক্ষান্ত সমাৰোহত প্ৰদান কৰে সন্মানীয় ডি.লিট (D. Litt)।

আনহাতে প্লাজমা বিজ্ঞানী ড° জয়ন্তী চুতীয়াক প্ৰদান কৰে সন্মানীয় ডি.এচ চি (D.Sc)। ত্ৰয়োবিংশতিতম দীক্ষান্ত সমাৰোহত ১০,৬৪৮ ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল।
সমাৰোহত উপস্থিত থাকি ডিগ্রী গ্ৰহণ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ মুঠ সংখ্যা: ১,৮৮৮ গৰাকী। ১১৪গৰাকীয়ে PhD ডিগ্রী লাভ কৰা লগতে সমাৰোহত ৩৮ গৰাকীলৈ
স্বর্ণপদক আগবঢ়োৱা হয়।

মুঠ ৩৫ গৰাকৈ শ্রেষ্ঠ স্নাতকোত্তৰ শাখাত স্বর্ণপদক লাভ কৰে। ৩গৰাকীয়ে বিজ্ঞান, কলা আৰু বানিজ্য শাখাত শ্রেষ্ঠ স্নাতকৰ স্বৰ্ণপদক প্ৰদান কৰা হয়। নৃতত্ত্ব বিভাগত সর্বোচ্চ নম্বৰ লাভ কৰা দীক্ষিতা ডেকাক Dr Junali Kropi Memorial Gold Medal and Endowment Award প্ৰদান কৰে।

লগতে পঢ়ক : Watch | Wooden bridges in dilapidated condition: https: এখন ভঙা কাঠৰ দলঙেৰে বিপদ সংকুল যাত্ৰা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ