Watch | Dibrugarh News : ডাইনী সন্দেহত বুঢ়ীদিহিং নদীত উটুৱাই দিলে মহিলাক

ডিব্ৰুগড়,১০ মাৰ্চ : ডিব্ৰুগড়ৰ ৰমাইত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত বুঢ়ীদিহিং নদীত উটুৱাই দিলে এগৰাকী মহিলাক।
ডাইনী সন্দেহত অত্যাচাৰ এগৰাকী মহিলাক। মহিলা গৰাকীক ঘৰৰ পৰা চোঁচৰাই নি অকথ্য নিৰ্যাতনৰ অভিযোগ। মুমুৰ্ষ অৱস্থাত নদীত পেলাই দিলে মনিকা চাংগা নামৰ মহিলা গৰাকীক। ডিব্ৰুগড়ৰ ভিতৰুৱা অঞ্চল ৰমাইৰ ১নং ৰাজগড় নামৰ গাৱত সংঘটিত এই ভয়ংকৰ ঘটনা(Dibrugarh News)।
মহিলা গৰাকীৰ স্বামীকো প্ৰহাৰৰ অভিযোগ। ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ মহিলা গৰাকীক। সম্প্ৰতি মহিলাগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি।
লগতে পঢ়ক : Watch | Terrible road accident in Jamugurihat: মালবাহী ট্ৰাকত খুন্দা স্ক’ৰপ্ৰিয় বাহনৰ;আহত দুজন