Local, Vocal, Global

WATCH | Dibrugarh News : ফুটবল খেলৰ জৰিয়তে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল ডিব্ৰুগড়ৰ বগীবিলৰ মৌচুম গগৈয়ে

ডিব্ৰুগড়,৬মে’ : ফুটবল খেলৰ জৰিয়তে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হল ডিব্ৰুগড়ৰ বগীবিলৰ মৌচুম গগৈয়ে

ইংলেণ্ডৰ southern turn ফুটবল দলত খেলিবলৈ সুযোগ লাভ মৌচুম’ৰ

ফুটবল খেলৰ জৰিয়তে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল ডিব্ৰুগড়ৰ বগীবিলৰ মৌচুম গগৈয়ে। ইংলেণ্ডৰ southern turn ফুটবল দলত খেলিবলৈ সুযোগ লাভ কৰিছে বগীবিল জগলনি গ্ৰান্ত গাঁৱৰ মৌচুম গগৈয়ে(Dibrugarh News)।

মৌচুমৰ এই সফলতাত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে বগীবিলবাসী। বিভিন্ন দল সংগঠনৰ বিষয় ববীয়া আৰু চুবুৰীয়া ৰাইজে সম্বৰ্দ্ধনা জ্ঞাপন কৰে মৌচুম গগৈক।

উল্লেখ যোগ্য যে, মৌচুমে পূৰ্বে বহু ৰাজ্যিক পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল। এতিয়া বিখ্যাত ফুটবল খেলুৱৈ বাইছুং ভূতীয়াৰ দলত খেলি বগীবিল অঞ্চলৰ লগতে সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি আশাবাদী শুভাকাংশী ৰাইজ। ইংলেণ্ডৰ দলত সমগ্ৰ অসমৰ ভিতৰতে মাত্ৰ দুজন খেলুৱৈহে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক :WATCH| Debabrata Saikia : ‘বিজেপিৰ সৈতে গোপন মিতিৰালি আছে অখিল গগৈৰ’