Local, Vocal, Global

Dibrugarh News : ডিব্ৰুগড়ত পুৰণি বিজেপি নেতা কৰ্মীৰে ৰাজেন গোঁহাইৰ ৰুদ্ধদ্বাৰ বৈঠক

ডিব্ৰুগড়,২৬ডিচেম্বৰ : ডিব্ৰুগড়ত পুৰণি বিজেপি নেতা কৰ্মীৰে ৰাজেন গোঁহাইৰ ৰুদ্ধদ্বাৰ বৈঠক।

বৈঠকত দলে সাংগঠনিক নেতৃত্বৰ পৰিবৰ্তনেৰে পুৰণি বিজেপি নেতা কৰ্মীক উচিত মৰ্যদা প্ৰদানৰ তুলিলে দাবী। অন্যথা শীঘ্ৰে কংগ্ৰেছ বা অনান্য ৰাজনৈতিক দলত যোগদান কৰাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাজেন গোহাঁয়ে(Dibrugarh News)।

প্ৰসংগক্ৰমে হিমন্ত বিশ্ব শৰ্মা শাসনাধীন ৰাজ্য চৰকাৰৰ কাম কাজৰ ওপৰতো ক্ষুৰধাৰ সমালোচনা কৰে গোঁহায়ে। কেৱল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে নহয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালকো কটু সমালোচনা কৰি তেখেতৰ বিৰুদ্ধে কূট কৌশল ৰচনা কৰা বুলি উল্লেখ কৰে। ৰাজ্যজুৰি পুৰণি বিজেপি নেতা কৰ্মীৰে চলি থকা আলোচনাৰ অংশ হিচাপে ৰাজেন গোঁহায়ে ডিব্ৰুগড়তো সাক্ষাৎ কৰি মনৰ ক্ষোভ আৰু অসন্তুষ্টিৰ বুজ লোৱা উল্লেখ কৰে।

লগতে পঢ়ক :Operation against illegal wine:ৰঙাপৰাৰ বিভিন্ন স্থানত আবকাৰী বিভাগৰ তীব্ৰ অভিযান