Local, Vocal, Global

WATCH | Dibrugarh News : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ সমন্বয়ত বাৰ্তা

ডিব্ৰুগড়,২৬মাৰ্চ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজৰ সমন্বয়ত বাৰ্তা।সকলো জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ একত্ৰিত সমূহীয়া ইফতাৰ অনুষ্ঠিত।

শংকৰ আজান দেশৰ সমন্বয়ৰ বাৰ্তা লৈ পুনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ’ল একত্ৰিত। সমাজৰ ভিন্ন বান্ধোন ভেদাভেদৰ শিকলি চিঙি ডিব্ৰুগড় বিশ্ববিদ্যায়ৰত বিশ্বৰ ভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰী সকলে দিলে সমন্বয়ৰ বাৰ্তা(Dibrugarh News)।

উজনী অসমত একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা ছাত্ৰী ছাত্ৰীসকলে একত্ৰিত হৈ পৱিত্ৰ ৰমজান মাহত ৰোজা পালন কৰা বিশ্বৰ ভিন্ন প্ৰান্তৰৰ ইছলাম ধৰ্মালম্বী ছাত্ৰ ছাত্ৰী সকলক লগতে ভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষাৰ্থী সকলক লগত লৈ অনুষ্ঠিত কৰিলে সমূহীয়া ইফতাৰ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা লগতে বিশ্ববিদ্যালয়ৰ আছু গোট, শিক্ষক সমাজৰ সকলোকে দেখা গ’ল এই সমন্বয়ৰ বাৰ্তাৰ ভাতৃত্ববোধৰ মিলনস্থলীত।
ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিটো বিভাগ প্ৰতিটো কেন্দ্ৰৰ পৰা প্ৰায় পাঁচ সস্বাধীক ছাত্ৰ ছাত্ৰীয়ে সমন্বয়ৰ বাৰ্তা বিলাই এই সমূহীয়া ইফতাৰত কৰিলে অংশ গ্ৰহন।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই সমূহীয়া ইফতাৰ অনুষ্ঠিত কৰি সাংবাদ মাধ্যমত জনালে এইয়া শংকৰ আজানৰ দেশ, এই দেশৰ নাই কোনো ভেদাভেদ। আমি সমাজৰ জাতি ভেদাভেদৰ পৰা সদায় মুক্ত হৈ এখন শান্তি দেশ গঢ়িব বিচাৰোঁ। আমি সদায় সমাজৰ কিছু কু প্ৰথাৰ পৰা মুক্ত আছোঁ আৰু থাকি সকলো মিলি থাকিম।

লগতে পঢ়ক : WATCH | Nalbari News : গোহালি সদৃশ পৰিৱেশত কণ কণ শিশুক প্ৰদান কৰি আছে শিক্ষা