Local, Vocal, Global

Dibrugarh News : অসমতে অসমীয়া ভাষাত গীত গোৱাত বাধা প্ৰদান শিল্পীক

নিউজ ডেস্ক,১৪অক্টোবৰ : এইবাৰ অসমতে অসমীয়া ভাষাক অপমান। অসমতে অসমীয়া ভাষাত গীত গোৱাত বাধা প্ৰদান শিল্পীক একাংশৰ(Dibrugarh News)।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পাছতো অসমীয়া ভাষাক কৰা হ’ল চৰম অপমান।একাংশ উদণ্ড যুৱকে অসমীয়াত ভাষাত গীত গোৱা শিল্পীক দিলে বাধা।

টিংখাঙত সংঘটিত হৈছে এই ঘটনাটো । টিংখাঙৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত উমাতাৰা চাহ বাগিছাত অনুষ্ঠিত শাৰদীয় অনুষ্ঠানত দশমীৰ নিশা মঞ্চত অসমীয়া গীত গাই অপমানিত হ’ল উদীয়মান কন্ঠশিল্পী বলিন ৰহন।

লগতে পঢ়ক :Bomb threat on Air India flight from Mumbai to New York : এয়াৰ ইণ্ডিয়াৰ বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি