Local, Vocal, Global

Dibrugarh Hit by Wild Elephant, Buffalo Menace:ডিব্ৰুগড়ত বনৰীয়া হাতী আৰু ম’হৰ উপদ্ৰৱ

নিউজ ডেস্ক,১৫ডিচেম্বৰ : ডিব্ৰুগড়ত বনৰীয়া হাতী আৰু ম’হৰ উপদ্ৰৱ। ডিব্ৰুগড় জিলাৰ মধুপুৰ দেউৰী গাঁৱত কৃষক ৰাইজৰ নিদ্ৰা হৰিছে বনৰীয়া হাতী আৰু ম’হৰ উপদ্ৰৱত ।

বনাঞ্চল পৰা ওলাই অহা জন্তুৱে এফালৰ পৰা খাই তহিলং কৰি পেলাইছে সোণোৱালী ধাননি পথাৰ। দিনে-ৰাতিয়ে সকলো সময়তে বন্যহস্তী আৰু ম’হে চলাই আছে তাণ্ডৱ ।যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে কৃষকসকল(Dibrugarh Hit by Wild Elephant, Buffalo Menace)।

এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ বিভিন্ন সময়ত বন বিভাগক অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ।