Dibrugarh Gymkhana Club manager found dead : ডিব্ৰুগড়ৰ গাৰ্ড কোৱাৰ্টাৰৰ জিম খানা ক্লাবত ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু
নিউজ ডেস্ক,১৮জুলাই : ডিব্ৰুগড়ৰ গাৰ্ড কোৱাৰ্টাৰৰ জিম খানা ক্লাবত ক্লাবৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু ।ৰহস্যজনক অৱস্থাত ক্লাবৰ ওপৰ মহলাৰ এটা কক্ষত উলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ।মৃত লোকজন ভীম ৰজ্জকৰ বুলি জানিব পৰা গৈছে।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ক্লাবৰ সদস্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি কেইবাশ লোকে আহি জিম খানা ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকে ক্লাবৰ সন্মুখৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি মৃতদেহ নিয়াত বাধা প্ৰদান কৰে। পৰিস্থিতি লাহে লাহে অধিক উত্তপ্ত হৈ পৰে। ৰাইজে মৃতদেহ নমাব নিদিয়াত মৃতদেহ নিবলৈ অহা এম্বুলেঞ্চো উভতি যাবলগীয়া হয়।
পৰিস্থিতি অতি জটিল হোৱাত ঘটনাস্থলীত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) চেজল আগৰৱাল, উপ-আৰক্ষী অধীক্ষক, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্ৰী, কেইবাটাও আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। পিছত ঘটনাস্থলীত উপস্থিত হয় কাৰ্যবাহী দণ্ডাধীশ।
এই ঘটনা পোহৰলৈ অহাৰ পিছত বহু লোকে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে।
ইফালে, মৃত ৰজ্জকৰ ভাতৃৰ মতে, কিছু টকাৰ লেনদেনক লৈ কিছু দিনৰ পৰাই ৰজ্জকক হাৰাশাস্তি কৰি আছিল জিম খানা ক্লাবৰ একাংশ সদস্যই। ভীম জিম খানা ক্লাবত বহু বছৰ ধৰি মেনেজাৰ হিচাপে কৰ্মৰত আছিল। ভীমৰ ভাতৃৰ মতে, প্ৰায় পাচঁ লাখ টকাৰ খেলিমেলি হৈছিল। ভীম ৰজ্জকে দুই লাখ টকা জিম খানা ক্লাবৰ সমিতিক ঘূৰাই দিয়ে যদিও বাকী টকা দিবলৈ আছিল। ক্লাবৰ একাংশ সদস্যই যথেষ্ট হাৰাশাস্তি কৰিছিল বুলি অভিযোগ ভীমৰ ককায়েকৰ।
লগতে পঢ়ক : Police Encounter and Major Cattle Smuggling Bust : গো মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা