Diabetes Care: যদি আপুনি মধুমেহ ৰোগত আক্ৰান্ত তেন্তে আপোনাৰ খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰক এইসমূহ শাক-পাচলি
ডায়েবেটিছ ৰোগ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰিছে ৷ কেৱল বয়োজ্যেষ্ঠৰে নহয়, যুৱক-যুৱতীসকলো ডায়েবেটিছৰ কৱলত পৰিবলৈ আৰম্ভ কৰিছে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দুৰ্বল জীৱনশৈলী আৰু মানসিক চাপৰ বাবে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ ডায়েবেটিছৰ কোনো নিৰাময় নাই আৰু ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি ৷ যিহেতু ডায়েবেটিছ এক জীৱনযোৰা ৰোগ,এই ৰোগত আক্ৰান্ত ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগিব (Diabetes will be controlled by eating these vegetables every day) ।
ডায়েবেটিছ ৰোগীয়েও নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে ৷ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ ৰোগীয়ে এনে আহাৰ গ্ৰহণ কৰিব লাগে যি কেৱল তেওঁৰ পেট ভৰ্তি কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখে । ডায়েবেটিছ ৰোগীৰ বাবে ব্য়ায়াম আহাৰৰ দৰে গুৰুত্বপূৰ্ণ। ব্য়ায়াম কৰি ডায়েবেটিছ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি । যদিও প্ৰতিজন ব্যক্তিয়ে খোজ কাঢ়িব লাগে,ডায়েবেটিছ ৰোগীসকলে প্ৰতিদিনে ৩০ৰ পৰা ৪৫ মিনিট খোজ কাঢ়িব লাগে । ই ফিটনেছৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।ৰাতিপুৱা আৰু সন্ধিয়াই খোজ কাঢ়িলে তেজত শৰ্কৰাৰ ভাৰসাম্য বজাই ৰাখে আৰু লগতে ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰাখে ।
ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ খাদ্য তালিকাত কিছুমান সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে ৷ ডায়েবেটিছ ৰোগীৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সেউজীয়া শাক-পাচলিয়ে যথেষ্ট সহায় কৰে ৷ সেউজীয়া শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগীৰ বাবেই নহয় বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে ৷ কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে সেউজীয়া শাক-পাচলি যথেষ্ট গুৰুত্বপূৰ্ণ যাতে ই শৰীৰক পুষ্টি প্ৰদান কৰে(Diabetes Care) ।
যদি কোনো ব্যক্তি এবাৰ মধুমেহ ৰোগত আক্ৰান্ত হয় তেন্তে ইয়াক নিৰাময় কৰাটো অসম্ভৱ কিন্তু সুস্থ জীৱনশৈলীৰ জৰিয়তেহে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো ৷ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে মধুমেহ ৰোগীক খাদ্যাভ্যাস সুস্থ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে ৷ প্ৰায়ে খাদ্যাভ্যাসৰ অসাৱধানতাৰ বাবে ৰক্তশৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা বেছি ৷
আজি আমি আপোনাৰ খাদ্য তালিকাত কোনবোৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে ।যাৰ দ্বাৰা আপুনি ডায়েবেটিছ ৰোগৰ পৰা নিয়ন্ত্ৰণত থাকিব তাৰ বিষয়ে কম ।
কেপচিকাম
মধুমেহ ৰোগীয়ে খাদ্য তালিকাত কেপচিকাম অন্তৰ্ভুক্ত কৰিব লাগে ৷ কেপচিকামত ভিটামিন চি, কে, পটাছিয়াম আৰু ভিটামিন বি ৬ ইয়াত পোৱা যায়, যিটো মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী ৷
বিলাহী
বিলাহী ব্যৱহাৰ কৰি বিভিন্ন তৰকাৰী আদি তৈয়াৰ কৰা হয় ৷ বিলাহীয়ে কেৱল গ্লাইচেমিক পৰিমান হ্ৰাস কৰাই নহয়, ইয়াত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷
আদা
আদা পাচলি হিচাপে আৰু মছলা হিচাপে দুয়োটাতে ব্যৱহাৰ কৰা হয় ৷ উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণৰ বাবে আদাত জিঞ্জাৰলৰ দৰে বহুতো বিশেষ উপাদান পোৱা যায়, যাৰ ফলত ইনচুলিন সম্পৰ্কীয় সমস্যা হ্ৰাস পায় ৷ দৈনিক খাদ্যত ইয়াক অন্তৰ্ভুক্ত কৰিলে ৰক্তশৰ্কৰাৰ মাত্ৰা ঠিকেই থাকে ৷
সেউজীয়া জলকীয়া
কেঁচা জলকীয়া অবিহনে কোনো যিকোনো খাদ্যৰ সোৱাদ আধৰুৱা ৷ মধুমেহ ৰোগীয়ে ৰঙা জলকীয়াৰ সলনি প্ৰতিটো বতৰত পোৱা সেউজীয়া জলকীয়া খাব লাগে ৷ কেপচাইচিন নামৰ এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ সেউজীয়া জলকীয়াত পোৱা যায়, যাৰ ফলত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পায় ৷