Local, Vocal, Global

Diabetes Symptoms: ডায়েবেটিচৰ লক্ষণবোৰ কেনেধৰণৰ জানো আহক ?

ডায়েবেটিচ ! ই বিশ্ববাসীৰ বাবে এক ভয়ংকৰ সমস্যা। ইয়াৰ ফলত মানুহৰ দেহৰ কোষবোৰে ইনচুলিনৰ প্ৰতি সঠিক ভাবে সঁহাৰি নিদিয়ে । ফলস্বৰূপে, গ্লুকোজ কোষবোৰত প্ৰৱেশ কৰিব নোৱাৰে । তাৰ পিচত দেহত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় । ইয়াৰ ফলত লাহে লাহে হাৰ্ট এটেক, দৃষ্টিশক্তি হ্ৰাস আৰু স্নায়ুৰ ক্ষতিৰ দৰে গুৰুতৰ সমস্যাই দেখা দিয়ে । যদিও শেহতীয়াকৈ ডায়েবেটিচৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে, কিন্তু বহুলোকে এই সমস্যা গুৰুতৰ নোহোৱালৈকে ইয়াৰ চিকিৎসা নলয় ।

লক্ষণীয়ভাৱে প্ৰতি তিনিজনৰ ভিতৰত এজন মানুহে নাজানে যে তেওঁৰ এই সমস্যা আছে । ইয়াৰ কাৰণ হৈছে ডায়েবেটিচৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে । সমস্যাটো অধিক অৱনতি হোৱাৰ লগে লগে, কিছুমান সতৰ্কবাণী দেখা যায় ।

প্ৰাৰম্ভিক পৰ্যায়ত :

ডায়েবেটিচৰ মুখ্য প্ৰাৰম্ভিক লক্ষণ হৈছে অত্যাধিক পিঁয়াহ লগা । মুখ শুকাই যোৱা, অত্যাধিক ভোক লগা, সঘনাই প্ৰস্ৰাৱ হোৱা, কেতিয়াবা প্ৰতি ঘণ্টাত প্ৰস্ৰাৱ হয় আৰু অস্বাভাৱিক ওজন হ্ৰাস বা বৃদ্ধি হোৱাও দেখা যায় ।

পৰৱৰ্তী লক্ষণ :

ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে মূৰৰ বিষ, অস্পষ্ট দৃষ্টি শক্তি আৰু অলসতা হয় ।

গুৰুতৰ সমস্যাবোৰৰ ভিতৰত :

বহুলোকৰ ক্ষেত্ৰত যেতিয়ালৈকে স্বাস্থ্যৰ গুৰুতৰ ক্ষতি নহয় তেতিয়ালৈ ডায়েবেটিচ ৰোগ ধৰা নপৰে । এনে লোকৰ ক্ষেত্ৰত আঘাত আৰু ঘাঁ সোনকালে আৰোগ্য নহয়, সঘনাই মূত্ৰনলীৰ সংক্ৰমণ আৰু ছালৰ খজুৱতি, বিশেষকৈ দুই ভৰিৰ মাজৰ অংশ খজুৱতি আদিৰ দৰে সতৰ্কবাণীয়ে দেখা দিয়ে ।

যৌনতাৰ প্ৰতি আগ্ৰহ হ্ৰাস :

ডায়েবেটিচৰ লগে লগে যৌনতাৰ প্ৰতি আগ্ৰহ হ্ৰাস হয় । মহিলাৰ গুপ্তাংগ শুষ্ক হোৱাৰ সম্ভাৱনাও থাকে । এইটো লক্ষণীয় যে ডায়েবেটিচত ভুগি থকা প্ৰতি তিনিজন লোকৰ ভিতৰত এজনৰ এক প্ৰকাৰৰ যৌন সমস্যা থাকে । ৩৫ৰ পৰা ৭০ শতাংশ পুৰুষৰ কমেও কিছু পৰিমাণৰ ইৰেক্টাইল ডিচফাংশন থাকে ।

সেয়েহে, ডায়েবেটিচৰ বিপদাশংকাৰ কাৰক যেনে ওজন, মেদবহুলতা, ব্যায়ামৰ অভাৱ, ধূমপানৰ অভ্যাস, অধিক চৰ্বিযুক্ত খাদ্য খোৱা আৰু তেজত উচ্চ কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড থকা লোকসকলে সময়ে সময়ে গ্লুকোজ পৰীক্ষা কৰাব লাগে । ৰোগটো আগতীয়াকৈ চিনাক্ত কৰাটোৱে জটিলতা প্ৰতিহত কৰিব পাৰে ।