Diabetes: ডায়েবিটিছ ৰোগীসকলে কি কি খাব পাৰে?
বৰ্তমান সময়ত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰা এই ধাৰাৰ যিবোৰ মূল কাৰণ আছে তাৰে ভিতৰত এটি অন্যতম মূল কাৰণ হৈছে দৈনন্দিন খাদ্যাভ্যাস(Diabetes)৷
সেয়ে দৈনন্দিন খাদ্য তালিকাত অৰ্থাৎ পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰলৈ যিসমূহ খাদ্য গ্ৰহণ কৰা যায়, সেই খাদ্যসমূহ বাচনি কৰোঁতে যিবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে সেয়া নকৰিলেই আমাৰ শৰীৰত ভিন্ন ধৰণৰ সমস্যাই দেখা দিয়াৰ আশংকা থাকে ৷
ডায়েবিটিছ ৰোগীসকলে কম সময়ৰ মূৰে মূৰে অলপ অলপ খাদ্য গ্ৰহণ কৰিব লাগে ৷ সাধাৰণলোকৰ দৰে একেবাৰতে বেছিকৈ খাব নালাগে ৷ দুই-তিনি ঘণ্টাৰ মূৰে মূৰে অলপ অলপ খাদ্য গ্ৰহণ কৰিব লাগে ৷ পুৱা শুই উঠি বেছি সময় খালী পেট থাকিব নালাগে ৷ ৰাতিপুৱাৰ সময়ত পাতল আহাৰ গ্ৰহণ কৰাটো ভাল ৷
ব্ৰেকফাষ্টত বেছি কাৰ্ব’হইড্ৰেট যুক্ত খাদ্য খাব নালাগে, তৰা সলনি ৰুটি-তৰকাৰী, দালিয়া, অট’চ আদি খাব পাৰে ৷ দুপৰীয়া ভাত খোৱাৰ সময়ত ভাতৰ পৰিমাণ অতি কম ল’ব লাগে তাৰ সলনি তৰকাৰী, দাইল আদি বেছিকৈ খাব লাগে ৷ পুৱাৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ মাজৰ সময়ছোৱাত যদি ভোক লাগে তেন্তে সেই সময়ছোৱাত বুট, তিয়ঁহ আদি খাব পাৰে ৷
কাৰ্ব’হাইড্ৰেট বেছি থকা খাদ্যও পৰিহাৰ কৰাটো উচিত যেনে-আলু,কচু, ৰঙালাও আদি ৷ গাজৰ-পিয়াঁজ আদিও কেঁচাই হে খাব পাৰে ৷ ফলৰ ক্ষেত্ৰত কঁঠাল, কল, আঙুৰ, আম আদি এৰাই চলিব লাগে ৷
ডায়েবিটিছ ৰোগীসকলে মুৰ্গীৰ মাংস খাব পাৰে ৷ লোকেল মুৰ্গীৰ ক্ষেত্ৰত তেনেকুৱা একো বাধা নাই যদিও বইলাৰ মাংস হ’লে এক বা দুডোখৰ খাব পাৰে ৷ লগতে ৰঙা মাংস যেনে- পাৰ, ছাগলী মাংস, গাহৰি আদি নোখোৱাটোৱে ভাল ৷ডায়েবিটিছ ৰোগীসকলে প্ৰ’টিনযুক্ত খাদ্য যেনে-দাইল, কণী (বিশেষকৈ কণীৰ বগা অংশ) , লোকেল মাছ খাব পাৰে ৷ ফল-মূলৰ ক্ষেত্ৰত আপেল, মধুৰীআম, নাচপতি, কমলা, মৌচুমী, জামু, নেমু টেঙা, আমলখি খাব পাৰে ৷ লগতে সেউজীয়া শাক-পাচলি অতি আৱশ্যক ৷ চালাড, তিয়ঁহ আদি খোৱাটোও ভাল ৷