WATCH | Diabetes : কি খাদ্য় গ্ৰহণ কৰিলে চুগাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰি জানেনে?
আজিকালি প্ৰায়লোকৰ দেহতে চুগাৰৰ সমস্যাই দেখা দিয়ে। বৰ্তমান আমাৰ দেশত চুগাৰ বা ডায়েবেটিচ ৰোগ ভয়াৱহ ৰূপে দেখা দিছে। এই ৰোগ কোনো মানুহৰ শৰীৰত আৰম্ভ হ’লে ইয়াক সহজতে আঁতৰ কৰা সম্ভৱ নহয়। ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ খাদ্য, জীৱন ধাৰণৰ প্ৰয়োজনীয় ব্যৱস্থা, শাৰীৰিক পৰিশ্ৰম, ঔষধ প্ৰয়োগ আদিৰ অতি প্ৰয়োজন(Diabetes)।
সেয়ে জানি লওক কি খাদ্য গ্ৰহণ কৰিলে আপুনাৰ চুগাৰ নিয়ন্ত্ৰণত থাকিব…
ডালচেনিৰ পানী
চাহ বনাওতে ডালচেনি অধিক ব্যৱহাৰ কৰা হয়। যদি আপুনি চুগাৰৰ স্তৰ হ্ৰাস কৰিব বিচাৰে, ৰাতিপুৱা খালী পেটত ডালচেনিৰ পানী খাব। ইয়াৰ উপৰিও, ভেষজ চাহৰ সৈতে ডালচেনি খাব পাৰি।
মেথি গুটিৰ পানী
মেথিৰ পানী হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ই দিনটোত কাৰ্বোহাইড্ৰেট শোষণ হ্ৰাস কৰাত সহায় কৰিব পাৰে। এক চামুচ মেথি গুটি গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু তাৰ পিছত এই গুটি পানীৰে সৈতে চোবাই খাওক। ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰি।
নেমুৰ ৰস আৰু আমলখি
ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত নেমু আৰু আমলখিৰ ৰস খাব। ই আপোনাৰ অভ্যান্তৰীণ স্বাস্থ্য উন্নত কৰিব পাৰে। ইয়াৰ লগতে গোটেই দিনটোৰ বাবে চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব আৰু হজমও ভাল হ’ব।