Local, Vocal, Global

CM vigilance team operations : ভিজিলেঞ্চৰ জালত দুই লুণ্ঠনকাৰী বিষয়া, অভিযানত উদ্ধাৰ ২.৫ কোটি টকা

ধুবুৰী, ২২জুলাই : ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই (ভিজিলেঞ্চ) চলোৱা এক অভিযানত গ্ৰেপ্তাৰ দুই বিষয়া । জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা উতকোচ লোৱাৰ অভিযোগ লোৱা বুলি অভিযোগ উত্থাপিত হৈ আছিল আৰু এই অভিযোগৰ ভিত্তিতে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে(CM vigilance team operations) ।

৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে হাতে লোটে ধৰা পেলায় বিষয়া দুজনক । অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে আৰক্ষী অধীক্ষক সিংহৰাম মেধিৰ নেতৃত্বত ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত অভিযান চলাইছিল (Dhubri zila parishad CEO his assistant arrested on bribery charges)।

বাতৰি অনুসৰি, ধুবুৰী জিলাৰ ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য জাকিৰ হুছেইনৰ পৰা আঁচনিৰ ধন মোকলাই দিয়াৰ নামত দাবী কৰা ৯ শতাংশ কমিচনৰ ৩০ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু সহকাৰী জিলা প্ৰকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক কৰে।

শুকুৰবাৰে আবেলি ৫ বজাৰ পৰা শনিবাৰে পুৱতি নিশা ৫ বজালৈ প্ৰায় ১২ ঘণ্টা ধৰি বিষয়া দুজনক অভিযানকাৰী দলটোৱে মাৰাথন জেৰা চলায়। ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ লগতে সহকাৰী জিলা প্ৰকল্প সমন্নয়ক মৃণাল কান্তি সৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল (Dhubri zila parishad CEO his assistant arrested on bribery charges)।

গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে দুয়োজন বিষয়াক লগতে লৈ তেওঁলোকৰ বাসগৃহত অভিযান চলায়। দলটোৱে অভিযান চলাই মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বৰপাৰাত থকা বাসগৃহৰ পৰা কেইবা কোটি নগদ টকাৰ লগতে বহু মূল্যবান অলংকাৰ উদ্ধাৰ কৰে।

জানিব পৰা মতে, মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ গুৱাহাটীকে ধৰি মুঠ ১১টা স্থানত সম্পত্তি আছে। গোস্বামীৰ ৬টা বেংক একাউন্টো জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে (CEO of Dhubri zilla parishad arrested on bribery charges)। তদুপৰি, তেওঁৰ পত্নীৰ ফ্লেটৰ পৰাও ২.৫ কোটি টকা উদ্ধাৰ কৰাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক : Assam Cabinet decision : ছেপ্তেম্বৰ মাহত ১৫ দিন গাঁৱত থাকিব অসম চৰকাৰ, প্ৰায় ৫ হাজাৰ চৰকাৰী বিষয়াই যাব গাঁৱলৈ