Dhubri police seize firearm, ammunition in late-night raid:ঘৰৰ ভিতৰৰ পৰা গাঁত খান্দি উলিয়ালে ৰিফলভাৰ আৰু সজীৱ গুলী

চাপৰ,১৫ডিচেম্বৰ : চাপৰৰ হৰ্দেমাৰাত নিশা চাপৰ আৰক্ষীৰ অভিযান।অভিযানত জব্দ এটা ৰিফলভাৰ আৰু ৫ জাই সজীৱ গুলি। হৰ্দেমাৰাৰ বাসিন্দা আয়ুব আলী নামৰ লোকজনৰ ঘৰত চলাইছিল এই অভিযান।
অভিযানত ঘৰৰ ভিতৰৰ পৰা গাঁত খান্দি উলিয়াযলে ৰিফলভাৰ।লগতে ৫ জাই সজীৱ গুলি উদ্ধাৰ।
উল্লেখ্য যে বিলাসীপাৰ মহকুমা আৰক্ষী বিষয়া, চাপৰ চক্ৰ আৰক্ষী বিষয়া, চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত নিশা আয়ুব আলীৰ ঘৰত গৈছিল অভিযান চলাবলৈ ।
ঘৰত উপস্থিত হোৱাত আয়ুব আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে উগ্ৰ মূৰ্তি ধাৰণ কৰিছিল আৰু ঘৰত তালাচী চলাবলৈ আৰক্ষীক বাধা দিয়াৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে । অৱশেষত ঘৰৰ ভিতৰত আৰক্ষীয়ে গাত খান্দি উলিয়াই ৫ জাই সজীৱ গুলিসহ এটা ৰিফলভাৰ(Dhubri police seize firearm, ammunition in late-night raid০।
ঘটনা সন্দৰ্ভত আয়ুব আলী,আয়ুব আলীৰ পত্নীৰ লগতে আয়ুব আলীৰ মাতৃকো আটক কৰি চাপৰ থানালৈ লৈ আনে আৰক্ষীয়ে।