WATCH | Dhubri News : ধুবুৰীৰ আলগা গাঁৱবাসীয়ে দেখুৱালে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন

ধুবুৰী,৮মাৰ্চ : ধুবুৰী গৌৰীপুৰ দালানেৰ আলগা গাঁৱবাসীয়ে দেখুৱালে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন।
গাওঁখনৰ এটা হিন্দু পৰিয়ালৰ পিতৃহাৰা কইনাৰ বিয়া হিন্দু ৰীতি নিয়মৰে সম্পূৰ্ণ কৰিলে ইছলাম ধৰ্মালম্বী গাঁৱবাসীয়ে।
উল্লেখ যে যি সময়ত সাম্প্ৰদায়িকতাই ৰাজ্যৰ বতাহ কলুষিত কৰিছে তেনে সময়তে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ দালানেৰ আলগা গাঁৱৰ একমাত্ৰ হিন্দু পৰিয়ালৰ এজনী ছোৱালীৰ বিয়াত গাঁৱখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সহায় সহযোগিতা কৰি সম্পূৰ্ণ হিন্দু নীতি নিয়মৰে বিয়া সম্পূৰ্ণ কৰা কাৰ্য্যই এক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
বৃহত্তৰ অঞ্চলটোত মাত্ৰ এটা ঘৰে যুগ যুগ ধৰি বসবাস কৰি আহিছে যদিও পৰিয়ালৰটোক ইছলাম ধৰ্মাৱলম্বী লোক সকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়াৰ কথা উল্লেখ কৰে কইনা জনীৰ মাতৃ গৰাকীয়ে। এই বিয়া খনকলৈ চৌদিশে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে(Dhubri News)।
লগতে পঢ়ক : WATCH | International Women’s Day 2025: বকোৰ বণিয়াভিঠাত আন্তৰ্জাতিক নাৰী দিৱস পালন