Local, Vocal, Global

WATCH | Dhubri News : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন

ধুবুৰী,৬মাৰ্চ : NHM কৰ্মচাৰীৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ আজি অন্তিম দিন৷ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীটো অব্যাহত আছে প্ৰতিবাদ।তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰে প্ৰতিবাদত বহিল ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰী(Dhubri News)।

সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাৰ আজি ৩য় দিনাও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে । যক্ষ্মা হস্পিতালৰ দুৱাৰ মুখত হাতে হাতে প্লে-কাৰ্ড, বেনাৰ লৈ বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰী সকল ৷

চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন দাবীৰে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা এনএইচএমৰ উদ্যোগত হোৱা এই কৰ্মবিৰতি কাৰ্যসূচীৰ আজি অন্ত পৰে যদিওঁ অনাগত দিনত দাবী সমূহ পূৰণ নহলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ।

লগতে পঢ়ক :WATCH | Hatsingimari News : NHM অসমৰ কৰ্ম বিৰতিৰ আজি অন্তিম দিনাও মানকাচৰত কৰ্মচাৰীৰ কৰ্ম বিৰতি