WATCH | Dhubri News: ধুবুৰী চহৰৰ পার্শ্ববর্তী অঞ্চল হালগৰাত গঢ়ি উঠিছিল অবৈধ প্ৰতিষ্ঠান
ধুবুৰী,২৪ফেব্ৰুৱাৰী: ধুবুৰী চহৰৰ পার্শ্ববর্তী অঞ্চল হালগৰাত গঢ়ি উঠিছিল অবৈধ প্ৰতিষ্ঠান।
আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া অনুসৰি, পশ্চিমবংগৰ Support India Development Programme’ৰ নামত ঠগ প্ৰবঞ্চকৰে মহিলাক প্ৰলোভন দেখুৱাই লাখে লাখে টকা সংগ্ৰহ কৰিছিল এই অবৈধ প্ৰতিষ্ঠানটোৱে(Dhubri News)৷
ভৰ্তি মাচুল ৩০০০ হেজাৰ টকা দিয়াৰ পাছতে দিয়া হৈছিল ৫০০ টকাৰ এটা কুপন ৷ এটা মালা গাতিলে পাব ৩০০ টকা ৷ প্ৰথম অৱস্থাত বহুজনে পাইছিল যদিও পিছৰ পৰ্যায়ত নোপোৱাত ৰাইজৰ অভিযোগ অনুসৰি ধুবুৰী সদৰ আৰক্ষী আৰু কলেজ নগৰ আৰক্ষীৰ যৌথ অভিযান চলাই।
অভিযানত অবৈধ প্ৰতিষ্ঠানটোৰ পৰা নানা সামগ্ৰী লগতে ২,৮৬০০০ টকা জব্দ কৰাৰ লগতে অবৈধ প্ৰতিষ্ঠানটোৰ লগত জড়িত এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।
সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।