Local, Vocal, Global

Dhubri News: ৰাজ্যজুৰি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

ধুবুৰী,১০ফেব্ৰুৱাৰী : ৰাজ্যজুৰি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ। নির্মাণ শ্রমিকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত(Dhubri News)।

বিভাগীয়ভাবে শ্ৰমিকসকলে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ বিপৰীতে পেঞ্চন লাভৰ ক্ষেত্ৰতো একাধিক সমস্যাৰ সন্মুখীন হৈ অহাকে ধৰি আন বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই।

আজি শ্ৰম আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ানেৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ । CITU সংগঠনৰ সহযোগত নিৰ্মাণ শ্ৰমিক সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ।

লগতে পঢ়ক:Sipajhar’s Arian Afridi Shines Internationally: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ছিপাঝাৰৰ আৰিয়ান আফ্ৰিদী