ধিঙৰ ইটাভাটাৰ শ্ৰমিকে গেলেকীত চলাইছে ড্ৰাগছৰ বেহা, ইজাজুলক গ্ৰেপ্তাৰ
নাজিৰাঃ নাজিৰাৰ গেলেকী কল গাঁৱত আজি ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়৷ স্থানীয় ৰাইজৰ সহযোগত গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷ নগাঁও জিলাৰ ধিঙৰ পৰা গেলেকীৰ ইটাভাটা শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল যুৱকজন৷ চাদাৰ টেমাত ভৰাই আনিছিল ড্ৰাগছখিনি৷ যুৱকজনৰ নাম ইজাজুল হক (২৬) বুলি জানিব পৰা গৈছে৷