WATCH | Dhing News : পঞ্চায়ত প্ৰাৰ্থীৰ শৌচালয় বিচাৰি ফুৰিছে আৰক্ষীয়ে
ধিং,১৪এপ্ৰিল : বটদ্ৰৱাৰ ভেৰভেৰিত পকী শৌচালয় বিচাৰি চলাধ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে ।
ধূপগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্যা মুকফিদা খাতুনৰ শৌচাগাৰ বিচাৰি ঘুৰি হাহাকাৰ কৰিছে বটদ্ৰৱা আৰক্ষীয়ে।
কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মুকফিদা খাতুনৰ শৌচাগাৰ নথকাকৈ ভাতৃৰ শৌচাগাৰ দেখুয়াই মনোনয়ন দাখিল কৰাৰ অভিযোগ।
বিজেপি দলৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থী গুলজাৰ হুছেইনে নিৰ্বাচনী বিষয়াৰ লগতে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এই সন্দৰ্ভত(Dhing News)।
যাৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে কলতলে বাহৰ তলে পুখুৰীৰ পাৰে পাৰে তদন্ত কৰি বিচাৰি ফুৰিছে শৌচাগাৰ।
পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলৈ হ ‘লে প্ৰাৰ্থীৰ ঘৰত চনেটেৰী শৌচাগাৰ থকাতো বাধ্যতামুলক।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: বৰছিলাৰ গায়েন গাওঁৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হয় কণীযুঁজ প্ৰতিযোগিতা