Local, Vocal, Global

Dhing News: ধিঙৰ চৰাঞ্চলত চাঞ্চল্যকৰ ঘটনা;অস্ত্ৰধাৰী গুণ্ডাবাহিনীৰ ভয়ংকৰ কাণ্ড

ধিং,৩০জানুৱাৰী : ধিঙৰ চৰাঞ্চলত চাঞ্চল্যকৰ ঘটনা। শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা ধিঙৰ মুছলেম চৰত বুধবাৰে নিশা সংঘটিত হৈছে ডকাইতিৰ দৰে ভয়ংকৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি মুছলেম চৰত তীব্ৰ উত্তেজনা ৷

উল্লেখ্য যে, বিগত সময়চোৱাত মুছলেম চৰত এক সন্ত্ৰাস সৃষ্টি কৰি অহা মতিবুৰ ৰহমানৰ নেতৃত্বত জুলফিকৰ আলী, জেহেৰুল হ’ক,আতাবুৰ ৰহমান, আবুল কাচেম আৰু জিয়াৰুল হকে হাতে হাতে মাৰনাস্ত্ৰ আৰু চোকা অস্ত্ৰ লৈ দুটাকৈ ঘৰত প্ৰবেশ কৰি তৰোৱালেৰে ঘৰৰ ভিতৰে-বাহিৰে সমগ্ৰ সা-সামগ্ৰী লণ্ড ভণ্ড কৰাৰ লগতে আনবোৰ সামগ্ৰী কাটি টুকুৰা টুকুৰা কৰে। লগতে লক্ষাধিক টকাৰ আ-অলংকাৰ লুট কৰি নিয়াৰ গুৰুতৰ অভিযোগ উঠিছে(Dhing News)।

ভুক্তভোগীয়ে কৰা অভিযোগ অনুসৰি নিশা মুছলেম চৰৰ আব্দুল ৰফিক নামৰ লোকজনৰ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সময়ত ঘৰত প্ৰবেশ কৰি এক সন্ত্ৰাস সৃষ্টি কৰে দুৰ্বৃত্তই ৷ঘৰৰ ভিতৰৰ পৰা টেবুল আলমাৰী ভাঙি লুটি নিয়ে নগদ ধনসহ লক্ষাধিক টকাৰ আ-অলংকাৰ । অকল ৰফিকৰ ঘৰেই নহয়, ৰফিকৰ ভাতৃ ছফৰ উদ্দিনৰ ঘৰতো তলা ভাঙি প্ৰবেশ কৰি লুটি নিলে নগদ ধন আৰু আ-অলংকাৰ ।

কেইদিনমানৰ পূৰ্বেও মাফিয়াৰ নায়ক মতিবুৰে আব্দুল ৰফিকক গুলীয়াই আহত কৰিছিল বুলিও অভিযোগ উখাপিত হৈছে। বুধবাৰে নিশাও ৰফিক আৰু ছফৰক হত্যা কৰাৰ পৰিকল্পনাৰে মতিবুৰৰ নেতৃত্বত সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীক লগত লৈ প্ৰবেশ কৰিছিল বুলি অভিযোগ কৰিছে ভোক্তভোগী পৰিয়ালটোৱে ।

ইফালে ঘৰত কোনো এজন পুৰুষ লোকক নাপায় ঘৰৰ মহিলাক সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীয়ে মহিলাৰ মূৰত পিষ্টল ধৰি স্বামীক হত্যাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উখাপিত হৈছে । অকল এয়াই নহয়, ঘৰৰ সকলোকে কাটি টুকুৰা টুকুৰা কৰি শেষ কৰি দিব বুলিও ভাবুকি প্ৰধান কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ।

সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ দলটোৱে নিজকে শোণিতপুৰৰ ঠেলামৰা আৰক্ষী বুলি চিনাকি দিয়ে । লগতে বুধবাৰৰ দিনটোৰ ভিতৰত ঠেলামৰা আৰক্ষীৰ সন্মুখন নিজৰ স্বামী তথা আব্দুল ৰফিকক হাজিৰ কৰিবলৈকেও মূৰত পিষ্টল লগাই ভাবুকি প্ৰধান কৰি গৈছে বুলিও অভিযোগ উখাপিত হৈছে। অন্যথা প্ৰতি নিশাই এনেদৰে আহি এফালৰ পৰা ধৰি হত্যা কৰিব বুলি সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ দলটোৱে ভাবুকি প্ৰধান কৰাৰ গুৰুতৰ অভিযোগ ঘৰখনৰ মহিলাৰ।

এই ঘটনাৰ পাছতেই মুছলেম চৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় ৰাইজে এই গুণ্ডাবাহিনীৰ পৰা মুক্তি বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে মুছলেম চৰত নিশা সোমাইছিল নেকি কোনোবা আৰক্ষীৰ দল ? যদি সঁচাই আৰক্ষী আছিল তেন্তে কেনেদৰে আৰক্ষীৰ সন্মুখতে সংঘটিত হ’ল এই চাঞ্চল্যকৰ ঘটনা ? নে এয়া আৰক্ষীৰ ভেষত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দ’লে সংঘটিত কৰিলে এনে ভয়ংকৰ কাণ্ড?

লগতে পঢ়ক :Khair tree smuggling : ধেমাজি চিমেণ্ট চাপৰিত অবৈধ খয়েৰ গছৰ কাঠ জব্দ