Local, Vocal, Global

Dhing News:অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল বটদ্ৰৱাৰ হাই প্ৰফাইল কুখ্যাত দালাল চক্ৰ

নগাঁও,৮জানুৱাৰী : দালালে ছাঁনি ধৰিছে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা।

কোনে কোনে দালালি কৰে বটদ্ৰৱা আৰক্ষী থানাত? সংগঠনৰ নাম লৈ অসাধু নেতা,পালি নেতা, সাংবাদিকৰ নাম লৈ ভুৱা সাংবাদিক, গাওঁৰক্ষী বাহিনীৰ নাম লৈ সম্পাদককে প্ৰমুখ্যে কৰি এক দীঘলীয়া তালিকা ।

শেহতীয়াকৈ নগাঁও আৰক্ষীৰ জালত পৰিছে নিজকে চেটেলাইট চেনেলৰ সাংবাদিক বুলি চিনাকি দি দাবী দমকি আৰু ব্লেক মেইলৰ জৰিয়তে অবৈধ বাবে ধন সংগ্ৰহ কৰি অহা বটদ্ৰৱাৰ হাইডুবী গাঁৱৰ কুখ্যাত দালাল ছাদ্দাম হুছেইন। ছাদ্দাম হুছেইনৰ লগতে আন দুজন কুখ্যাত দালালক নগাঁও আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। জানিব পৰা মতে,আতিকুল ইছলামৰ লগতে আৰু এজন দালাল পলাতক হৈ আছে বুলি জানিব পৰা গৈছে(Dhing News)।

লগতে পঢ়ক :Kaliabor News :কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গছ