Dhing News:ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত চলিছে ধনৰ লেনদেন

ধিং,২৬ডিচেম্বৰ : ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত চলিছে ধনৰ লেনদেন।পঞ্চায়তৰ প্ৰাক্তন সভাপতি গাঁওবুঢ়াৰ বিৰুদ্ধে অভিযোগ।অৰুণোদয় আঁচনিৰ নথি পত্ৰ চুৰি ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি। ৰাজ্যত অৰুণোদয় আঁচনিৰ নামত চলিছে ধনৰ লেনদেন ! ধিঙৰ লালিপথাৰ গাঁৱত হিতাধিকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি অৰুণোদয় আঁচনিক লৈ । লালিপথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাওঁবুঢ়াই মিলি ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে(Dhing News)।
দুখীয়া দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি গোপন বুজাবুজিৰে অৰুণোদয় আঁচনি প্ৰদানৰ অভিসন্ধিৰ অভিযোগ গাওঁবুঢ়া আৰু প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। গাওঁবুঢ়া বাবুল ইছলামে বন্ধৰ দিনাও নথি নিয়াৰ অভিযোগ । অৰুণোদয় আঁচনিৰ নামত সম্ভাব্য দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশনাক কেৰেপ নকৰা গাঁওখনৰ গাওঁবুঢ়া আৰু প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হব সেয়া এক ডাঙৰ প্ৰশ্ন।
লগতে পঢ়ক :Sivsagar Protest :শিৱসাগৰ ক্ৰীড়া সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী