Local, Vocal, Global

Watch | Dhing news : বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত ১০ দিনীয়া সাংস্কৃতিক কৰ্মশলা

ধিং: নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ বটদ্ৰৱা সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ “বটদ্ৰৱা প্ৰেছ ক্লাৱৰ” উদ্যোগত অনুষ্ঠিত হোবা ১০ দিনীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাখনি মঙ্গল বাৰে সামৰণি পৰে।
বটদ্ৰৱা ঐতিহাসিক সতীৰাধিকা স্মৃতি ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া কৰ্মশালাখনিত অঞ্চলটোৰ শতাধিক সাংস্কৃতিনুৰাগীক ঢোল,খোল,বৰগীত আৰু বিহুনৃত্য প্ৰশিক্ষণ প্ৰদান কৰে লক্ষিমপুৰৰ বিশিষ্ট শিল্পী মুনিন্দ্ৰ শইকীয়া৷জাগৃতি কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে ৷

কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বটদ্ৰৱা অঞ্চলৰ সমাজ সেবক তথা প্ৰেছ ক্লাৱৰ উপদেষ্টা ইন্দমোহন বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানতিত প্ৰথমে বন্তি প্ৰজ্বালন কৰে ধিং অঞ্চলৰ শিক্ষাবিদ তথা কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াই৷প্ৰশিক্ষণ প্ৰাপ্ত শিল্পী সকলৰ দ্বাৰা এতি বৰগীতৰে মুকলি কৰা অনুষ্ঠানতিত অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা গামোছা আৰু মানপ্ৰত্ৰৰে সম্বন্ধনা জনোবা হয়৷পিছত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা লোকগীত,ঢোল খোলবাদন আৰু বিহুনৃত্য প্ৰদৰ্শন কৰা হয়৷ কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটিত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীলৈ একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: Watch | Jornat news : যোৰহাটত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী