WATCH | Dhing News : ধিং সমষ্টিত ৰাইজৰ দলৰ সমষ্টি সমিতি পুনৰ গঠন
ধিং,২৩জুন : ধিং সমষ্টিত ৰাইজৰ দলৰ সমষ্টি সমিতি পুনৰ গঠন।
ধিং স্থিত ৰত্ন ভৱনত ৰাইজৰ দলৰ সমষ্টি কমিটি, জাতীয় যুৱ বাহিনী আৰু সংখ্যালঘু কোষ গঠন কৰা হয়।
ৰাইজৰ দলৰ কেন্দ্ৰীয়,জিলা আৰু সমষ্টি কমিটিৰ উপস্থিতিত ৪৬ জনীয়াকৈ তিনিখন কমিটি গঠন কৰা হয় ।
শ্বৰীফ উদ্দিন আহমেদ উৰফে বাবুলক সভাপতি আৰু অধিবক্তা মুকছিদূৰ ৰহমানক সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ ধিং সমষ্টি কমিটীখন গঠন কৰা হয়(Dhing News)।
আনহাতে আছাদুল ইছলামক সভাপতি আৰু জহিৰুল ইছলামক সম্পাদক হিচাপে লৈ ধিং সমষ্টি জাতীয় যুৱ বাহিনী আৰু হবিবুৰ ৰহমান ফকিৰক সভাপতি,বাহাৰুল ইছলামক সম্পাদক হিচাপে লৈ সমষ্টিৰ সংখ্যালঘু কোষ গঠন কৰা হয়।
যুৱ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা কেইবাজনো ছাত্ৰ নেতাই আজি আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে।
উক্ত সভাত কৃষক মুক্তি সংগ্ৰাম সমিতৰ প্ৰাক্তন সভাপতি ৰাজু বৰা, ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱা, ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰায় সহস্ৰাধিক নেতা কৰ্মী আৰু শুভাকাংক্ষী উপস্থিত আছিল।
লগতে পঢ়ক :WATCH | Road Accident : নিশা কলিয়াবৰৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা