Patient unsafe care in hospital : ধিঙৰ চিকিৎসালয়ত নাভূত-নাশ্ৰত কাণ্ড

ধিং, ১১জুন : ধিং এফ আৰ ইউত নাভূত-নাশ্ৰত কাণ্ড (Patient unsafe care in hospital)।হস্পিতালত ভৰ্তি হোৱা ৰোগীক দিলে ম্যাদ উকলি যোৱা চেলাইন ।চিকিৎসক-নাৰ্চৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সাধাৰণ জনতাক।
ATTENTION মুখ্যমন্ত্ৰী ডাঙৰীয়া । ATTENTION স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ।
খবৰ ৰাখিছেনে আপুনি, আপোনাৰ গৃহজিলাত চিকিৎসা সেৱাৰ নামত কি চলিছে ? আপুনি জানেনে দৰিদ্ৰ জনসাধাৰণক কেনেকৈ প্ৰদান কৰিছে চিকিৎসা ? নিশ্চয়কৈ নাজানে চাগৈ, আপুনি খবৰ ৰখাহেতেন, হয়তো এনে ঘটনা কেতিয়াও নঘটিলহেতেন । ধিং এফ আৰ ইউত চিকিৎসা সেৱাৰ নামত চলিছে কি ?
শণিবাৰে নিশা ধিঙৰ শলগুৰিৰ এগৰাকী মহিলাই ভৰ্তি হৈছিল ধিং এফ আৰ ইউত। জানিব পৰা মতে, মহিলা গৰাকীৰ পেটৰ সমস্য়াৰ বাবে অসুস্থ হৈছিল জাহান্নাৰা বেগম ।আৰু অসুস্থ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল ধিং এফ আৰ ইউত।চিকিৎসায়লৈ গৈ পোৱাৰ পাছত আৰম্ভ হ’ল আৰম্ভ হল ধিং এফ আৰ ইউৰ চিকিৎসকৰ চিকিৎসা সেৱা । বেজি বেজি, চেলাইন সকলো দিয়া হ’ল (Patient unsafe care in hospital) ।
তাৰে কিছুমান বেজি, চেলাইন দিয়া হল হস্পিতালৰ পৰা আৰু কিছু মেডিচিন আনিব লগা হ’ল কিনি । সেইখিনিলৈকে সকলো ঠিকেই আছিল । কিন্তু হস্পিতালৰ পৰা দিয়া চৰকাৰী চেলাইন ৰোগীৰ শৰীৰত লাগি থকাৰ সময়তে চকু পৰিল অভিভাৱকৰ (Dhing FRU patients gave expired saline)।লগে লগে লাগিল হাহাকাৰ কাৰণ হস্পিতালৰ পৰা দিয়া হৈছিল ম্যাদ ওকলি যোৱা চৰকাৰী চেলাইন(patient gave expired saline)। ম্যাদ ওকলি যোৱা চেলাইন লৈ ৰোগীৰ অৱস্থা আগতকৈ আৰু বেছি বেয়ালৈ যায় ।
তাৰ পাছতেই ৰোগীৰ পৰিয়ালৰ মাজত লাগিল হুৱাদুৱা, হস্পিতালত গৈ উপস্থিত হল সাংবাদিকৰ দল । ON কেমাৰত বন্দী হল ধিং এফ আৰ ইউৰ এই নাভূত-নাশ্ৰত কাণ্ড । তাৰ মাজতেই আকৌ নাৰ্চৰ আজৱ মন্তব্য…..
ধিং এফ আৰ ইউৰ বাবে এয়া কোনো নতুন কথা নহয় ((Dhing FRU patients gave expired saline)। আগেও বহুবাৰ বহু ডাঙৰ ডাঙৰ ঘটনা ঘটি গৈছে এইখন চিকিৎসালয়ত ।
প্ৰশ্ন হয়, চৰকাৰে লাখ লাখ টকা দৰমহা দি চিকিৎসা সেৱাত নিয়োজিত কৰা এইসকল চিকিৎসা কৰ্মীৰ দায়িত্ব আৰু কৰ্তব্য এয়াই নেকি ? চৰকাৰে লব পাৰিব নে ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা ? কোনে দিব এই প্ৰশ্নৰ উত্তৰ ।
লগতে পঢ়ক : Drugs caused suicide : ড্ৰাগছ খাবলৈ নাপাই আত্মহননৰ পথ বাছি ল’লে এজন যুৱকে