Dhemaji Woman Found Dead In Guwahati : হত্যা নে আত্মহত্যা ? আচলতে কি হৈছিল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া লগত ?
নিউজ ডেস্ক, ২৭ নৱেম্বৰ : হত্যা নে আত্মহত্যা ? আচলতে কি হৈছিল ধেমাজিৰ যুৱতী অনুষ্কা শইকীয়া লগত ? কিয় অকালতে হেৰাই গল যুৱতী গৰাকী । আত্মহত্য়াৰ দৰে চৰম সিদ্ধান্ত লৈছিল নে অনুষ্কাই? নে কৰোবাৰ হত্যাৰ বলি হ’ল যুৱতী গৰাকী । দেওবাৰে হৈছিল কি ? প্ৰশ্ন বহুটো কিন্তু উত্তৰ বিচাৰি পোৱা নাই কোনোৱে (Dhemaji Woman Found Dead In Guwahati )।
উল্লেখ্য যে, দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছ নম্বৰ ৩ত এটা ভাড়া ঘৰ উদ্ধাৰ হৈছিল এটা মৃতদেহ । পুৱাই ভাড়াঘৰটোত লাগিল হুৱা-দুৱা। লগে লগে ঘটনাৰ সম্পৰ্কে আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । মাতি অনা হয় ফৰেনচিক বিভাগৰ লোকক(Dhemaji woman found dead) ৷
আৰক্ষীৰ তদন্তত যুৱতী গৰাকীক ধেমাজিৰ অনুষ্কা শইকীয়া বুলি চিনাক্ত কৰা হয় । অনুষ্কাই মহানগৰীৰ ABCৰ Chee Glam নামৰ বিউটি ষ্টুডিঅ’ত কৰ্মৰত । জানিব পৰা মতে, অনুষ্কাৰ লগত থাকে জুনু বৰাৰ নামৰ এগৰাকী কাম কৰা মহিলা । আৰক্ষীয়ে তদন্তত জুনু বৰাক ঘটনা সন্দৰ্ভত সোধাপোছ কৰিছে ।
জুনু বৰাৰ ভাষ্য অনুসৰি,পুৱা বনকৰা মহিলা জুনু বৰাই মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল অনুষ্কাক ৷ একেটা ঘৰতে কাম কৰা মহিলা হিচাপে থকা জুনু বৰাই ৰহস্যজনকভাৱে ফেনত ওলমি থকা যুৱতীগৰাকীক নমাই আনিলে ৷ জুনু বৰাৰ ভাষ্যত আৰক্ষীৰ সন্দেহ হয় আৰু উচ্চপদস্থ আৰক্ষীৰ নিৰ্দেশত আটক কৰি লৈ যায় থানালৈ(servant picked for interrogation )।
যুৱতীগৰাকী মৃত আত্মহত্যা নহয় আৰু এয়া হত্যা বুলি দাবী কৰিছে বহু সমন্ধীয় লোকে ৷ইফালে DCP আৰু ADCPয়ে নিজেই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰীক্ষা কৰে সকলো দিশ ৷ কিয়নো এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে(Woman found dead under mysterious circumstances in Guwahati) ৷
পৰিয়ালৰ অভিযোগ অনুসৰি জুনু বৰাৰ সৈতে সম্পৰ্ক আছিল ভাড়াঘৰৰ মালিকৰ ৷ অভিযোগ মতে দুয়োৰে সম্পৰ্কৰ গোপন মুহূৰ্ত দেখা পাইছিল মৃত অনুষ্কা শইকীয়াই ৷ যাৰ বাবে অনুষ্কাৰ সৈতে সংঘাত হৈছিল ঘৰৰ মালিক আৰু জুনু বৰাৰ ৷ তেনে সময়তে অনুষ্কাৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে মান লোৱা নাই পৰিয়ালৰ লোকে ৷
কিন্তু ইয়াৰ মাজতে লুকাই আছে অন্য এক কাহিনী কিয়নো অনুষ্কাৰ ভাড়াঘৰলৈ সঘনাই আহিছিল অনুষ্কাৰ প্ৰেমিক। শনিবাৰে নিশাও অনুষ্কাৰ ভাড়াঘৰলৈ আহিছিল প্ৰেমিক । নিশা প্ৰেমিকৰ সৈতে সংঘাতো হৈছিল অনুষ্কাৰ।
আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰেমিকক বিচাৰি তদন্ত আৰম্ভ কৰিছে । শীঘ্ৰে দিছপুৰ আৰক্ষীয়ে অনুষ্কাৰ প্ৰেমিকক আটক কৰি সোধা পোচা কৰিব ৷
এতিয়া প্ৰশ্ন হয় অনুষ্কাৰ মৃত্যুৰ লগত সম্বন্ধ আছে অনুষ্কাৰ প্ৰেমিকৰ? নে ভাড়াঘৰৰ মালিক আৰু জুনু বৰাই মিলি হত্যা কৰিছে অনুষ্কাক ?
আৰক্ষীৰ অধিক তদন্তত পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত সত্য।
লগতে পঢ়ক :Deadbody Recovered : মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ