Dhemaji woman commits suicid : ৭ মাহৰ গৰ্ভৱতী মহিলাৰ ৰহস্যজনক মৃত্যু, চীপ লোৱা অৱস্থাত উদ্ধাৰ…
নিউজ ডেস্ক, ২৬ জুলাই : ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত এৰাঢলৰ হেৰাম গাওঁত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা (Dhemaji woman commits suicid) । মঙলবাৰে ধেমাজি এৰাঢল হেৰাম গাওঁত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা ঘটনাকলৈ সম্প্ৰতি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ তথ্য অনুসৰি হেৰাম গাওঁৰ পৰাগজ্যোতি দত্তৰ নৱ বিবাহিতা পত্নী তথা ৭ মাহৰ সন্তান সম্ভৱা আছিল মহিলাগৰাকী(Dhemaji woman commits suicid) ।
ঘৰৰ এখন খিৰিকীৰ গ্ৰীলত চাদৰৰেৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে বোৱাৰী গৰাকীৰ মৃতদেহ । অৱশ্যে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে । হত্যা কৰি আত্মহত্যাৰ ৰুপ দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকী পৰিয়ালৰ লোকৰ । তেওঁলোকৰ মতে সাধাৰণভাৱেহে মহিলাগৰাকীৰ ডিঙি বান্ধি থোৱা আছিল ।
উল্লেখ্য মাটিৰ পৰা মাত্ৰ দুই ইঞ্চিমান ওপৰতে বোৱাৰীগৰাকীৰ ভৰি আছিল বুলি জানিব পৰা গৈছে । যাক লৈ একাংশই সন্দেহ কৰিছে যে এয়া আত্মহত্যা নহয় পৰিকল্পিত হত্যা । এই ঘটনা সংঘটিত হোৱা বহু পলমকৈ স্বামী গৃহই বোৱাৰীগৰাকীৰ মাতৃগৃহত খবৰ দিয়াৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ ।
উল্লেখযোগ্য যে স্বামী গৃহৰ পৰা বোৱাৰীগৰাকীৰ ঘৰলৈ অতি বেছি দুই কিলোমিটাৰ মান দূৰত্ব হ’ব । তাৰপাছতো আত্মহত্যা হোৱা সম্পৰ্কে বহু পলমকৈ স্বামী গৃহৰ পৰিয়ালে খবৰ দিয়ে । বিয়লি ৪.৩০ মান বজাত মহিলাগৰাকীৰ পৰিয়ালক অৱগত কৰিছিল ।
এই খবৰ পিছতে বোৱাৰীগৰাকীৰ মাতৃ গৃহৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । মঙলবাৰে নিশা প্ৰায় ১১ বজাৰ পৰ্যন্ত ধেমাজি সদৰ আৰক্ষী থানাত উপস্থিত হয় স্থানীয় ৰাইজ ৷ জানিব পৰা মতে বিগত বৰ্ষতেই পৰাগজ্যোতি দত্তৰ সৈতে ভেহপৰা গাওঁৰ ৰিছা কোঁৱৰে বিবাহপাশত আৱদ্ধ হৈছিল ৷
অৱশ্যে বৰ্তমানলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য। ইতিমধ্যে মঙলবাৰে নিশায়েই পৰাগজ্যোতি দত্তক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Golaghat Triple Murder : ফাষ্ট ট্ৰেক আদালতত হ’ব ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বিচাৰ, মুখ্যমন্ত্ৰীৰ মন্তব্য