Local, Vocal, Global

Crime in Dhemaji : ধেমাজিত দিনদুপৰতে ইটোৰ পাছত সিটো চুৰিৰ কাণ্ড

নিউজ ডেস্ক, ২৫ জুন : ধেমাজিত দিন দুপৰতে চোৰৰ চাফাই অভিযান (Crime in Dhemaji) । ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে লুটি নিলে লক্ষাধিক টকাসহ সোণৰ আ-অলংকাৰ(Dhemaji Thief Case) । একাটা সপ্তাহতে একে গাঁৱৰে দুটাকৈ ঘৰত সংঘটিত কৰে চুৰি কাণ্ড(Crime in Dhemaji) ।

ধেমাজিৰ আৰক্ষীক চেলেঞ্জ কৰি দিনদুপৰতে চোৰে ইঘৰৰ পিছত সিঘৰত চুৰি কাৰ্য সঘনাই সংঘটিত কৰাত নগৰবাসী ৰাইজক সংকিত কৰি তুলিছে ৷ ধেমাজি নগৰৰ টঙনাপৰা তিনি নম্বৰ ৱাৰ্ডৰ চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই নামৰ লোকজনৰ গৃহত দিনদুপৰতে চোৰে চাৰি লাখ টকা লুটি নিয়াৰ এসপ্তাহ নহওঁতেই পুনৰ পাঁচ শ মিটাৰ নিলগৰ ধেমাজি কলেজৰ অৰ্থনীতি বিভাগৰ অধ্যাপক দিগন্ত হাজৰিকা ঘৰত দিনদুপৰতে চোৰে সংঘটিত কৰে চুৰি কাৰ্য ।

ঘৰৰ পিছফালে থকা পকি ভেন্টিলেটৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি তিনিটা আলমিৰা খুলি থানবান কৰি প্ৰায় ৬ লাখ টকাৰ সোণ আৰু নগদ ১৫ হাজাৰ টকা লৈ উধাও হয় চোৰে ৷ ঘটনাৰ তথ্য অনুসৰি একেখন কলেজতে শিক্ষকতা কৰে হাজৰিকা দম্পতীয়ে ।

পুৱা ১০ মান বজাতে দুয়ো কলেজলৈ উলাই যায় আৰু বিয়লি ৪ বজাত ঘৰত আহি উপস্থিত হয় । কলেজৰ পৰা উভতি অহাৰ পাছত প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা । ততাতৈয়াকৈ তেওঁ আৰক্ষীক ঘটনাৰ সম্পৰ্কে জনোৱাত আৰক্ষীৰ এটি দলে ঘটনাৰ বুজ লয় । ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ধেমাজি আৰক্ষীয়ে ।

লগতে পঢ়ক : Assam Flood : বানৰ কৱলত অসমৰ ১৫ খন জিলা , মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি