Local, Vocal, Global

Dhemaji Theft Incident : ধেমাজি নগৰৰ মাজমজিয়া দিন দুপৰতে ডকাইতিৰ ঘটনা

নিউজ ডেস্ক,২৯মে’ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে চুৰিকাণ্ডৰ ঘটনা ৷ নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে চুৰিকাণ্ডৰ ঘটনাই ।

এইবাৰ ধেমাজি নগৰৰ মাজমজিয়া দিন দুপৰতে ডকাইতিৰ ঘটনা ৷

মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ পাচঁশ মিটাৰ দূৰত্বত অৱস্থিত ধেমাজি চাৰিআলিস্থিত জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা গাড়ীৰ গ্লাছ ভাঙি কোনো দুৰ্বৃত্তই লুটি লৈ গ’ল ৪ লাখ ৬০ হাজাৰ টকা ৷

এই ঘটনাই ধেমাজি নগৰত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য(Dhemaji Theft Incident) ৷

ঘটনা অনুসৰি, ধেমাজি নগৰৰ প্ৰাণদ্বীপ ভূঞা নামৰ যুবক জনে নগৰৰ এচ বি আই বেংকত টকাখিনি জমা দিবলৈ আহিছিল ৷ যুৱকজনে অলপ সময়ৰ বাবে গাড়ীখন ৰাখি বজাৰ কৰিবলৈ যাওঁতেই এটি ৩ জনীয়া দুৰ্বৃত্ত দলে গাড়ীৰ গ্লাছ ভাঙি ধন লৈ উধাও হয়।

আৰক্ষীয়ে সমীপৰ দোকানৰ পৰা চিচি টিভিৰ ফোটেজ সংগ্ৰহ কৰিছে যদিও এতিয়ালৈকে ডকাইতৰ দলটোৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ চিচি টিভিৰ ফোটেজৰ তথ্য অনুসৰি তিনি জনীয়া দলটোৰ এজনে টুপী পিন্ধি অহা উপৰিও আন এজনে হাতত এটি বেগ লৈ আহিছিল ৷

এই ঘটনাৰ পিচতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : Nagaon flood wooden bridye wash away in Kachua : নগাঁৱৰ কচুৱাত বানৰ ভয়াৱহ ৰূপ; বানে ভাঙিলে কাঠৰ দলং