WATCH | Dhemaji Protest : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট
ধেমাজি,১৬জুন : জিলা সদৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট । সোমবাৰে ১ বজাত জিলা সদৰত বৃহৎ নদীবান্ধ বন্ধ কৰা দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট(Dhemaji Protest)।
নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী জনোৱা লগতে বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে জাতীয় সংগঠনটোৱে ।
লগতে প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালে গেৰুগামুখ বৃহৎ জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিবলৈ দাবী জনাই। বান খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত দেশৰ প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।
লগতে পঢ়ক : WATCH | Nalbari News : মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা