Local, Vocal, Global

WATCH | Dhemaji Pressmeet : ধেমাজিত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ সংবাদ মেল

ধেমাজি,১৭জুন : ধেমাজিত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ সংবাদ মেল। ধেমাজি আয়ুক্তৰ গৰাকীয়ে ভাৰত চৰকাৰ জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ সম্পৰ্কে গুৰুত্ব পূৰ্ণ ভাৱে কৰণীয় কামৰ বিৱৰণ দাঙি ধৰে।

ভাৰত চৰকাৰ জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান চমুকৈ (PM-DAJGUA)যোগে দি ধেমাজি জিলাত ১৫ দিনীয়া কাৰ্যসূচীয়ে ৬৫ টা গাঁও পঞ্চায়তৰ অন্তৰ্গত জনজাতীয় গাঁও সমূহত গ্ৰাম উৎকৰ্ষ অভিযান চলোৱা হ’ব বুলি জানিবলৈ দিয়ে(Dhemaji Pressmeet)।

অভিযান যোগে ভাৰত চৰকাৰে দ্বাৰা প্ৰচলিত প্ৰায় ১৭ টা বিভাগ যেন আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড,পি এম আৱাস যোজনা, পি এম কিচন, খোৱা পানী, MGNRGA, ৰাস্তা ঘাট ইত্যাদি বিভিন্ন বিভাগীয় আঁচনিৰ সম্পৰ্কে গাঁৱে গাঁৱে গৈ ৰাইজৰ আগত প্ৰচাৰ কৰি ৰাইজ সকলৰ যাতে সামাজিক, আৰ্থিক, বিকাশৰ ক্ষেত্ৰ সহায় হয় এই উদ্দেশ্যৰে অভিযান চলোৱা হব বুলি জানিবলৈ দিয়ে। লগতে এই অভিযানৰ যোগেদি গাঁও অঞ্চলৰ ৰাইজ সকলৰ বহু পৰিমাণে আত্মনিৰ্ভৰশীল ক্ষেত্ৰ বিভিন্ন ধৰনে সহায় হব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Dergaon News : জটিল ৰোগত আক্ৰান্ত দেৰগাঁৱৰ পপি বৰা