WATCH | Dhemaji News: বৰদলনিত স্থানীয় শ্বহীদ দিৱস উদযাপন
ধেমাজি,২০ফেব্ৰুৱাৰী : বৰদলনিত স্থানীয় শ্বহীদ দিৱস উদযাপন।
শ্বহীদ ভৱনত বৰদলনি ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় শ্বহীদ দিৱস উদযাপন(Dhemaji New)।
ঐতিহাসিক অসম আন্দোলনত বৃহৎৰ বৰদলনি অঞ্চলৰ পৰা মাতৃৰভূমিৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া ৮ গৰাকী মহান বীৰ শ্বহীদ ভূধৰ হাজৰিকা,শ্বহীদ ত্রৈলোক্য গগৈ,শ্বহীদ লোহিত গোহাঁই,স্বহীদ ফনিধৰ গোহাই,
শ্বহীদ অকণ গগৈ,হীদ দেবেন গগৈ,শ্বহীদ ভদ্রেশ্বৰ গগৈ শহীদ দেব দত্তক স্মৰণ কৰা হয়। চাকি জ্বলাই ,মাল্ল্য অৰ্পন কৰি, হৰি নামেৰে বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়।
আজি উক্ত খনত শ্বহীদ সকলৰ পৰিয়ালৰ বৰ্গ,সদৌ অসম শ্বহিদ সমন্বয় সমিতিৰ উপ সভাপতি খগেন হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই ,জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰী, জিলা সমিতিৰ যুগল বৰুৱা, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ বিষয় ববিয়া ববিয়া সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Gossaigaon News: গোসাইগাঁৱত মানুহৰ ঘৰত সোমাল মালবাহী ট্ৰাক