WATCH | Dhemaji News : ধেমাজিত দুদিনীয়াকৈ আয়োজন বিষ্ণু ৰাভা দিৱস
ধেমাজি,২২জুন : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাভা দিৱস ৷
ধেমাজিৰ বৰদলনি জ্যোতি প্ৰকাশ সংঘই আয়োজন কৰি অহা কেন্দ্ৰীয় ৰাভা দিৱসটিয়ে পূৰ্ণ কৰিলে গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ ৷
জ্যোতি প্ৰকাশ সংঘই বৰদলনিৰ পেঞ্চনাৰ ভৱনৰ বাকৰিত দুদিনীয়াকৈ আয়োজন কৰিছে কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰটি(Dhemaji News)।
প্ৰথম আৰু দ্বিতীয় দুই দিনতেই কবিতা আবৃত্তি , ৰাভা সংগীত,নাটক আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা সমান্তৰাল ভাৱে কলা বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনী ওপৰত আলোচনা কৰা হয়।
অনুষ্ঠানত বিঞ্চু প্ৰসাদ ৰাভাৰ কনিষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই অংশগ্ৰহণ কৰা লগতে,বিভিন্ন জাতীয় সংগঠনৰ বিষয় ববিয়া অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Akhil Gogoi : BTR নিৰ্বাচনত সীমিত শক্তিৰে কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে