WATCH | Dhemaji News : ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৮০ লাখ হিন্দু-বাঙালীৰ বাবে চেটেলাইট কাউন্সিল গঠন, জলন্ত সমস্যা সমাধানৰ দাবী বেংগলী ফেডাৰেচনৰ
ধেমাজি,২৯মাৰ্চ : ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৮০ লাখ হিন্দু-বাঙালীৰ বাবে চেটেলাইট কাউন্সিল গঠন, জলন্ত সমস্যা সমাধানৰ দাবী বেংগলী ফেডাৰেচনৰ।
বিভিন্ন সমস্যা জৰ্জৰিত অসমৰ বাঙালী সকলক কোনো এখন চৰকাৰে আজিলৈ সমস্যা সমাধানৰ সদিচ্ছা দেখুৱা নাই। কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । আন কি ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা প্ৰায় ৫৫ লাখ হিন্দু-বাঙালীৰ নিজস্ব এজন মন্ত্ৰী নাই অসম কেবিনেট(Dhemaji News)।
আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এইসমূহ দাবী চৰকাৰক পূৰণ কৰি শীঘ্ৰেই বৰ্গমূলীয় হিন্দু-বাঙালীৰ বাবে এখন চেটেলাইট স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে ভূমিৰ অধিকাৰ , ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিবলৈ দাবী তোলে ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক অজিত নাথে।
উল্লেখ্য যে সংগঠনটোৰ মাজৰবাৰীত বিবেকানন্দ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত চিমেনমুখ আঞ্চলিক সমিতিৰ অধিৱেশনৰ এই দাবী উত্থাপন কৰা হয়।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: হেঁপাহৰ ৰঙালীলৈ মাজত কেইটামান দিন বাকী